ETV Bharat / state

কলিয়াবৰত উপস্থিত "মেলেং দ্য চিবুক" - উমানন্দ অভিমূখে যাত্ৰা

কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা দূৰ্গা মন্দিৰৰ পাদদেশৰ লুইতৰ পাৰত নিশাটো অতিবাহিত কৰে মেলেঙৰ যাত্ৰী তিনিওগৰাকী যুৱকে ৷

"Meleng The Sibuk" is in Kaliabar
কলিয়াবৰত উপস্থিত "মেলেং দ্য চিবুক"
author img

By

Published : Oct 5, 2020, 9:24 AM IST

নগাঁও, 5 অক্টোবৰ: বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দলৈ প্ৰায় চাৰিশ কিলোমিটাৰৰ দুঃসাহসিক যাত্ৰা আৰম্ভ কৰা তিনিজনীয়া যুৱকৰ দলটো দেওবাৰে উপস্থিত হয় কলিয়াবৰত ৷ ইয়াৰ পাছতে কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা দূৰ্গা মন্দিৰৰ পাদদেশৰ লুইতৰ পাৰত নিশাটো অতিবাহিত কৰে তিনিওগৰাকী যুৱকে ৷ আজি পুৱাই পুনৰ উমানন্দ অভিমূখে যাত্ৰা আৰম্ভ কৰিছে যুৱককেইজনে ৷

"মেলেং দ্য চিবুক" ৰ যাত্ৰী কেইজন

উল্লেখ্য যে, মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা বাঁহেৰে নিৰ্মিত এখন ভুৰ "মেলেং দ্য চিবুক"ৰে উমানন্দলৈ বুলি এক দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছে ৰিছান দলে, শেখৰ বৰদলৈ নামৰ দুজন যুৱকে ৷ যুৱক দুজনক সহায়ৰ বাবে তেঁওলোকৰ লগত যাত্ৰা কৰিছে নয়ন বৰদলৈ নামৰ আন এজন যুৱকে ৷

কলিয়াবৰত উপস্থিত "মেলেং দ্য চিবুক"

প্ৰকৃতিৰ সুৰক্ষাৰ লগতে,বিশাল ব্ৰহ্মপুত্ৰৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ পৰ্যটন ক্ষেত্ৰখন দেশ-বিদেশৰ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবেই এই দুঃসাহসিক প্ৰচেষ্টা হাতত লৈছে যোৰহাট বাঘমৰাৰ ৰিশান দলে আৰু নগাঁৱৰ শেখৰ বৰদলৈয়ে ৷

লগতে পঢ়কঃ যাত্ৰা: বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.