ETV Bharat / state

নগাঁৱত মেঘালয় আৰক্ষীৰ অভিযান - মেঘালয় আৰক্ষী

নগাঁৱৰ গেৰেজত উদ্ধাৰ মেঘালয়ৰ চুৰি ট্ৰাক । ট্ৰাক চুৰিত ব্যৱসায়ী জড়িত থকাৰ অভিযোগ ।

Meghalaya police search for stolen truck
author img

By

Published : Sep 29, 2019, 11:53 PM IST

নগাঁও, 29 ছেপ্টেম্বৰঃ নগাঁৱৰ হয়বৰগাঁৱত দেওবাৰে সন্ধিয়া মেঘালয় আৰক্ষীৰ তীব্ৰ অভিযান । অভিযানত উদ্ধাৰ হয় মেঘালয়ৰ এখন চুৰি ট্ৰাক । ট্ৰাক চুৰিত হয়বৰগাঁৱৰে এগৰাকী ব্যৱসায়ী জড়িত থকাৰ অভিযোগ উত্থাপন । উল্লেখ্য যে, যোৱা ৯ ছেপ্টেম্বৰত মেঘালয়ৰ জোঁৱাই জিলাৰ এখন পে’ট্ৰল পাম্পৰ পৰা চুৰি হৈছিল ML 04B 2274 নম্বৰৰ এখন ট্ৰাক ।

এখন বগা ৰঙৰ চুইফ্ট ডিজায়াৰ গাড়ী ব্যৱহাৰ কৰি এটা কুখ্যাত চক্ৰই ট্ৰাকখন চুৰি কৰি লৈ আহিছিল নগাঁৱলৈ । নগাঁৱৰ হয়বৰগাঁৱৰ এটা গেৰেজত গাড়ীখনৰ ৰং সলনি কৰাৰ লগতে সলনি কৰিছিল ট্ৰাকখনৰ নম্বৰ প্লেট । এখন টেম্পোৰ AS 09C 8180 নম্বৰ ব্যৱহাৰ কৰি গেৰেজত ৰাখিছিল ট্ৰাকখন । মেঘালয় আৰক্ষীয়ে পে’ট্ৰল পাম্পৰ চি.চি.টি.ভিৰ ফুটেজৰ সহায়ত চুইফ্ট ডিজায়াৰখনৰ সন্ধান লাভ কৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষীক যোগাযোগ কৰিছিল ৷ অৱশ্যে এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই চুইফ্ট ডিজায়াৰ বাহনখন ।

নগাঁৱত মেঘালয় আৰক্ষীৰ অভিযান

অৱশেষত দেওবাৰে সন্ধিয়া মেঘালয় আৰক্ষীৰ এটা দলে অভিযান চলাই হয়বৰগাঁৱৰ গেৰেজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ট্ৰাকখন । দেওবাৰে চলোৱা অভিযানৰ সময়ত উপস্থিত থাকে নগাঁও আৰক্ষীৰ এটা দল । উল্লেখযোগ্য যে, ট্ৰাকখনৰ চুৰি কাৰ্যত ব্যৱহৃত চুইফ্ট ডিজায়ৰৰ স্বত্বাধিকাৰী অৰুণ জৈন উপাধিৰ এগৰাকী ব্যৱসায়ীয়ে ট্ৰাকখন গেৰেজত ৰখা বুলি জনালে গেৰেজৰ স্বত্বাধিকাৰীয়ে । এতিয়া সমগ্ৰ ঘটনাই কাৰ্যই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।

Intro:নগাঁৱত মেঘালয় আৰক্ষীৰ অভিযান। নগাঁৱৰ গেৰেজত উদ্ধাৰ মেঘালয়ৰ চুৰি ট্ৰাক। ট্ৰাক চুৰিত এগৰাকী ব্যৱসায়ী জড়িত থকাৰ অভিযোগ। ই টি ভি ভাৰতৰ কেমেৰাত বন্দী মেঘালয় আৰক্ষীৰ অভিযানৰ লাইভ দৃশ্য ।

Body:দেওবাৰে সন্ধিয়া নগাঁৱৰ হয়বৰগাঁৱত মেঘালয় আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ মেঘালয়ৰ চুৰি ট্ৰাক। মেঘালয়ৰ আৰক্ষীৰ অভিযানৰ লাইভ দৃশ্য বন্দী ই টি ভি ভাৰতৰ কেমেৰাত। ট্ৰাক চুৰিত হয়বৰগাঁৱৰ এগৰাকী ব্যৱসায়ী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। যোৱা ৯ চেপ্টেম্বৰত মেঘালয়ৰ জোঁৱাই জিলাৰ এখন পেট্ৰল পাম্পৰ পৰা চুৰি হৈছিল ML 04 B 2274 নম্বৰৰ এই ট্ৰাকখন। এখন বগা ৰঙৰ চুইফ্ট ডিজায়াৰ গাড়ী ব্যৱহাৰ কৰি এটা কুখ্যাত চক্ৰই ট্ৰাকখন চুৰি কৰি লৈ আহিছিল নগাঁৱলৈ। নগাঁৱৰ হয়বৰগাঁৱৰ এইখন গেৰেজত গাড়ীখনৰ ৰং সলনি কৰাৰ লগতে সলনি কৰিছিল ট্ৰাকখনৰ নম্বৰ প্লেট। এখন টেম্পোৰ নামত থকা AS-09-C- 8180 নম্বৰ ব্যৱহাৰ কৰি গেৰেজত ৰাখিছিল ট্ৰাকখন। মেঘালয় আৰক্ষীয়ে পেট্ৰল পাম্পৰ চি চি টি ভি ৰ ফুটেজৰ সহায়ত চুইফ্ট ডিজায়াৰৰ সন্ধান লাভ কৰি নগাঁৱৰ হয়বৰগাও আৰক্ষীক যোগাযোগ কৰিছিল যদিও হয়বৰগাঁও আৰক্ষীয়ে গ্ৰহণ কৰা নিৰ্লিপ্ততাৰ বাবেই উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত দেওবাৰে সন্ধিয়া মেঘালয় আৰক্ষীৰ এটা দলে অভিযান চলাই হয়বৰগাঁৱৰ গেৰেজৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে দেওবাৰে চলোৱা অভিযানৰ সময়ত উপস্থিত থাকে নগাওঁ আৰক্ষীৰ এটা দল।
bite, মেঘালয় আৰক্ষী বিষয়া, ট্ৰাকৰ স্বত্বাধিকাৰী।

Conclusion:উল্লেখযোগ্য যে ট্ৰাকখনৰ চুৰি কাৰ্য্যত ব্যৱহৃত চুইফ্ট ডিজায়ৰৰ স্বত্বাধিকাৰী জনৈক জৈন উপাধিৰ এগৰাকী ব্যৱসায়ীয়ে ট্ৰাকখন গেৰেজত ৰখা বুলি জনালে গেৰেজৰ স্বত্বাধিকাৰীয়ে। ট্ৰাক চুৰি কাৰ্য্যত জৈন উপাধিৰ ব্যৱসায়ী জড়িত হৈ পৰা কাৰ্য্যই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।
bite,
--------------------------- --- -- ------
ৰকিবুল ওৱাহিদ, নগাওঁ
29-9-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.