ETV Bharat / state

মাজনিশা পৰ্যন্ত উত্তাল নগাঁৱৰ উৰীয়াগাঁও বাইপাছ

author img

By

Published : Sep 7, 2020, 7:26 AM IST

নগাঁৱত দেওবাৰে নিশা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ NHPC ৰ বাহন আৱদ্ধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰিলে 5 গৰাকীক ৷

Massive Protest In Nagaon
মাজনিশালৈ উত্তাল নগাঁৱৰ উৰীয়াগাঁও বাইপাছ

নগাঁও, 7 ছেপ্তেম্বৰ : গেৰুকামুখৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে শেহতীয়াকৈ অধিক তৎপৰ হৈ পৰিছে এন এইচ পি চি কৰ্তৃপক্ষ । ৰাজ্যজুৰি নিশা সান্ধ্য আইন প্ৰত্যাহ্বাৰ কৰাৰ পিচতেই প্ৰথমবাৰৰ বাবে নদীবান্ধৰ সামগ্ৰী সৰবৰাহ আৰম্ভ কৰিছে নদীবান্ধ নিৰ্মাণৰ দায়িত্বত থকা প্ৰতিষ্ঠানটোৱে । দেওবাৰে নিশা প্ৰতিষ্ঠানটোৰ নগাঁৱৰ শেনচোৱাস্থিত গুদামৰ পৰা চাৰিটাকৈ বৃহৎ ট্ৰেন্সফৰ্মাৰ ভৰ্তি কৰি গেৰুকামুখলৈ ৰাওনা হোৱাৰ সময়তে বাহনখন উৰীয়গাঁৱত সন্মুখীন হয় তীব্ৰ প্ৰতিবাদৰ ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে চাৰিখনকৈ সামগ্ৰী কঢ়িওৱা বাহন আৱদ্ধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । সংগঠনটোৰ নেতা কৰ্মীয়ে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি । সংগঠনটোৱে কোনো কাৰণত এন এইচ পি চি ৰ বাহনকেইখন নগাঁও অতিক্ৰম কৰি যাবলৈ নিদিয়াৰ হুংকাৰো প্ৰদান কৰে ।

ইফালে, সংগঠনটোৱে এই হুংকাৰ প্ৰদান কৰাৰ পিচতেই প্ৰতিবাদস্থলীত উপস্থিত হয় নগাঁও আৰক্ষীৰ এটা বৃহৎ দল । প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীৰ দলটোৱে 5 নেতা কৰ্মীক আটক কৰে । সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰা, সম্পাদক প্ৰাগজ্যোতিষ বণিয়া, নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকনসহ মুঠ পাঁচজনকৈ নেতাক আটক কৰে আৰক্ষীয়ে । প্ৰতিবাদকাৰীক আটক কৰি বাহনকেইখন যোৱাৰ সুবিধা কৰি দিয়ে আৰক্ষীয়ে । প্ৰতিবাদকাৰীক আটক কৰাৰ পিচত নিশাই পুনৰ গেৰুকামুখ অভিমুখে ৰাওনা হয় সামগ্ৰী কঢ়িওৱা চাৰিখনকৈ বৃহৎ ট্ৰাক । বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে অসমবাসীক ওলাই আহিবলৈ আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক : গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.