নগাঁও, 18 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে মঙলবাৰে নগাঁৱত সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোপ কাৰ্যসূচী ৰূপায়ন কৰে ৷ কলং বেদখলমুক্ত কৰাৰ দাবীত নগাঁও জিলা ছাত্ৰ সন্থাই এই বিক্ষোপ কাৰ্যসূচীৰ ৰূপায়ন কৰে ৷
ছাত্ৰ সন্থাৰ দাবী অনুসৰি, দীৰ্ঘদিন ধৰি বেদখলকাৰীৰ কৱলৰ পৰা কলং বেদখলমুক্ত কৰাৰ লগতে নগাঁও চহৰৰ আৱৰ্জনা চাফা কৰাৰ দাবীত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী । লগতে, বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পূৰ্বেই বিদ্যালসমূহ চেনিটাইজ কৰাৰো দাবী উত্থাপন কৰে ছাত্ৰ সন্থাই ।
উল্লেখ্য যে, নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথত ৰূপায়ন কৰা বিক্ষোভ কাৰ্যসূচীত চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদ ।
লগতে পঢ়ক : কাছাৰত অবৈধ শিলৰ ব্যৱসায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ