ETV Bharat / state

ৰহাত বিধ্বংসী অগ্নিকাণ্ডত এজন যুৱকৰ মৃত্যু

ৰহাৰ মেটেকা অঞ্চলত পুৱাই সংঘটিত হ'ল ভয়াৱহ অগ্নিকাণ্ড । অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱতিলে এজন যুৱকে । নিহত যুৱকজনৰ নাম ৰাজদ্বীপ শৰ্মা । অগ্নিকাণ্ডত ভস্মীভূত হ'ল লক্ষাধিক টকাৰ সম্পত্তি ।

MASSIVE FIRE IN RAHA
MASSIVE FIRE IN RAHA
author img

By

Published : May 17, 2021, 1:40 PM IST

ৰহা, ১৭ মে': বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ ল'লে ৰহাৰ এজন যুৱকৰ । সোমবাৰে পুৱাই ৰহাৰ মেটেকা অঞ্চলৰ নিবাসী পুৰোহিত শিৱ শৰ্মাৰ ঘৰত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । সেই সময়ত শৰ্মাৰ পুত্ৰ ৰাজদ্বীপ শৰ্মা বিচনাত শুই আছিল । হঠাতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে গোটেই ঘৰটো ।

MASSIVE FIRE IN RAHA
ৰহাত বিধ্বংসী অগ্নিকাণ্ডত ৰাজদ্বীপ শৰ্মাৰ মৃত্যু

জীৱন্তে অগ্নিদগ্ধ হয় ৰাজদ্বীপ শৰ্মা । ঘটনা সংঘটিত হোৱাৰ পাছতেই ৰহা আৰক্ষী আৰু ৰহাৰ অগ্নি নিৰ্বাপক বাহিনীৰ ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ সক্ষম হয় । আনহাতে, অগ্নিদগ্ধ যুৱকজনক আৰক্ষীয়ে নিজা বাহনেৰে সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় ।

ইফালে, ভয়াৱহ অগ্নিকাণ্ডত শিৱ শৰ্মাৰ বাসগৃহৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ছাঁই হয় । ৰাজদ্বীপ শৰ্মা সামাজিক-সাংস্কৃতিক সংগঠন 'নৱ আলোক'ৰ সভাপতি আছিল ।

লগতে পঢ়ক:ক’ভিড মুক্ত গাঁৱলৈ পৰিণত টীয়কৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.