ETV Bharat / state

বুঢ়ালুইতৰ বুকুত নিচিহ্ন হ'ব নেকি বৰঘূলী ! - Kaliabar news

কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী ৰূপ ৷ গৰাখহনীয়াত মছজিদ আৰু মাদ্ৰাছা জাহ যোৱাৰ বিপৰীতে শীঘ্ৰেই নদীৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে এখন প্ৰাথমিক বিদ্যালয় ৷

কলিয়াবৰত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া
author img

By

Published : Sep 19, 2019, 9:37 PM IST

কলিয়াবৰ, 19 চেপ্টেম্বৰঃ কলিয়াবৰৰ বৰঘূলীত অব্যাহত বৰ লুইতৰ ৰূদ্ৰমূৰ্তি । বিগত জুলাই মাহত কলিয়াবৰ বৰঘূলীৰ কৃষি বান্ধটোৰ বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পিচত বৰ্তমানেও অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ । বিগত তিনিদিন ধৰি অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই শংকিত কৰিছে অঞ্চলবাসীক । ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে জাহ গ'ল ১৯১৫ চনত স্থাপিত হোৱা মদীনাতুল উলুম ২ নং বৰঘূলী হাফীজিয়া ওকাৰীয়ানা মাদ্ৰাছাৰ লগতে ১৯৪৫ চনত স্থাপিত এটা মছজিদ । গৰাখহনীয়াই সম্প্ৰতি ৭ নং বৰঘূলী মুক্তাব প্ৰাথমিক বিদ্যালয়খনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এইদৰে গৰাখহনীয়া অব্যাহত থাকিলে বিদ্যালয়খন ব্ৰহ্মপু্ত্ৰ বুকুত জাহ যোৱাৰ শংকা সৃষ্টি কৰিছে স্থানীয় ৰাইজে ৷ বছৰ বছৰ ধৰি অঞ্চলটোত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগক শীঘ্ৰেই গাইড-বান্ধ স্থাপনৰ দাবী জনাইছে বৰঘূলীৰ খহনীয়াগ্ৰস্ত ৰাইজে ।

কলিয়াবৰত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া

উল্লেখ্য় যে, গৰাখহনীয়াত আক্ৰান্ত এই অঞ্চলটো জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰ অন্তৰ্গত ৷ কিন্তু বৰ্তমান সময়ত বিভাগটোৱে জিঅ' বেগেৰে খহনীয়া ৰোধৰ বৃথা চেষ্টা কৰাৰ বাহিৰে আন কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ইতিমধ্যেই কেশৱ মহন্তই লোকসভা নিৰ্বাচনৰ পূৰ্বে মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ ক্ষেত্ৰত নিৰ্বাচনী আচৰণ বিধিৰ দোহাই দি হাত দাঙি দিয়ে ৷ বৃহত্তৰ এই অঞ্চলটো ৰক্ষাৰ বাবে বিয়াগোম বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ'ব ৷

Intro:কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ খহনীযাৰ তাণ্ডৱ অব‍্যাহত।

জাহ গ'ল মাদ্ৰাছা, মছজিদ,
শঙ্কাত মুক্তাৱ বিদ‍্যালয়

কলিয়াবৰৰ বৰঘূলীত  অব‍্যাহত বৰ লুইতৰ ৰূদ্ৰমুৰ্তি। নিতৌ খহনীয়াৰ কৱলত বাসগৃহ, কৃষি-ভূমি । মুকলি আকাশৰ তলত  বৰঘূলী অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল। কু্ম্ভকৰ্ণৰ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ।Body:বিগত জুলাই মাহত কলিয়াবৰ বৰঘূলীৰ কৃষি বান্ধটো বৃহৎ অংশ ব্ৰহ্মপুত্ৰ বুকুত জাহ যোৱাৰ পিচতো অব্যাহত আছে খহনীয়াৰ তাণ্ডব। নিতৌ খহনীয়াত জাহ গৈছে বহু হেক্টৰ কৃষি ভূমি, নিজৰেই ঘৰখন ভাঙি মুকলি আকাশৰ তলত বৰঘূলীৰ শ-শ পৰিয়াল। 

ইতিমধ্য ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈ নিচিহ্ন হ'ল বৰঘূলী গাঁও পঞ্চায়ত ৬ খন ৰাজহ গাঁৱৰ দুখন গাঁও। তাৰ পিচতো গৰা খহনীয়া ৰোধৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ বৰঘূলীবাসী ৰাইজৰ। 

বিগত তিনিদিন ধৰি পুনৰ বৰঘূলীত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল ১৯১৫ চনত স্থাপিত হোৱা মদীনাতুল উলুম ২ নং বৰঘূলী হাফীজিয়া ওকাৰীয়ানা মাদ্ৰাছাৰ লগতে ১৯৪৫ চনত স্থাপিত এটা মছজিত। গৰা খহনীয়াই  সম্প্ৰতি ভাবুকি সৃষ্টি কৰিছে ৭ নং বৰঘূলী মুক্তাব বিদ্যালয়ৰ প্ৰতি। এইদৰে গৰাখহনীয়া অব্যাহত থাকিলে বিদ্যালয়খন ব্ৰহ্মপু্ত্ৰ বুকুত জাহ যোৱাৰ শংকা সৃষ্টি কৰিছে স্থানীয় ৰাইজৰ আৰু ৩৪০ গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত।

বৰলুইতৰ কালৰূপ দেখি এতিয়া ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি  নৈ-পৰীয়া ৰাইজ। পথ-মথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ বৰঘূলীৰ নৈ পৰীয়া ৰাইজৰ।

বছৰ বছৰ ধৰি অঞ্চলটোত  অব্যাহত  ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগক শীঘ্ৰেই গাইড-বান্ধ স্থাপনৰ দাবী জনাইছে বৰঘূলীৰ খহনীয়াগ্ৰস্ত ৰাইজে।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.