ৰহা, 29 জানুৱাৰী : এখন দুখন বিবাহ নহয়, সমূহীয়া বিবাহ অনুষ্ঠানৰ আয়োজন কৰিলে ৰহাৰ চাপৰমুখবাসীয়ে ৷ বিবাহলৈ আলহি আহিছে, গৈছে ৷ ইয়াৰ সমান্তৰালভাৱে আইতা, বৰমা, খুৰীদেউহতঁৰ বিয়াৰ নাম আৰু উৰুলিৰ ধ্বনিত উদুলি মুদুলি হৈ পৰিছে বিয়াৰ ৰভাথলী ৷
শুকুবাৰে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিলে নগাঁও জিলাৰ ৰহাৰ চাপৰমুখত ৷ ৰহাৰ চাপৰমুখৰ কচুৱা যুৱক সংঘৰ উদ্যোগত চাপৰমুখৰ ধুলিজানত শুকুৰবাৰে আয়োজন কৰা হ'ল এক সমুহীয়া বিবাহ অনুষ্ঠান।
কচুৱা একশৰণ নাম ধৰ্ম সমাজৰ ৰাজহুৱা নামঘৰত আয়োজন কৰা এই সমুহীয়া বিবাহ অনুষ্ঠানত মুঠ 80 গৰাকী পুৰুষ-মহিলাই ধৰ্মীয় পৰম্পৰাৰ মাজেৰে যুগ্ম জীৱনৰ পবিত্ৰ বান্ধোনেৰে বিবাহপাশত আবদ্ধ হয় ।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ যুৱক-যুৱতীৰ এই গণ বিবাহৰ মাংগলিক কাৰ্যসূচীত স্থনীয় বহু লোকে অংশ গ্ৰহণ কৰে । সমাজৰ ধনী-দুখীয়া নিৰ্বিশেষে সকলোৰে আৰ্থিক সহযোগত আয়োজন কৰা এই সমূহীয়া বিবাহ অনুষ্ঠানে সমাজলৈ এক যুগাত্মক বাৰ্তা প্ৰদান কৰিলে ৷
লগতে পঢ়ক: চৰকাৰৰ আঁচনিক জম্মু-কাশ্মীৰবাসীয়ে সমৰ্থন জনাইছে: ৰাষ্ট্ৰপতি