ETV Bharat / state

Masjid Committee Action: ড্ৰাগছ বিক্ৰেতা আৰু আসক্তৰ জানাজা নকৰে মছজিদত

author img

By

Published : Nov 28, 2022, 4:39 PM IST

ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ অভিযান চলাই থকাৰ সময়তে এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁৱৰ মছজিদ কমিটিয়ে (Masjid committee action against drugs addict) ৷ ড্ৰাগছ বিক্ৰেতা আৰু আসক্তৰ জানাজা মছজিদত নকৰাৰ সিদ্ধান্ত কমিটিৰ ৷

Masjid committee decide rules and regulations against drugs in Nagaon
Masjid Committee Action: ড্ৰাগছ বিক্ৰেতা আৰু আসক্তৰ জানাজা নকৰে মছজিদত

নগাঁও, 28 নৱেম্বৰ: "ড্ৰাগছে এটা সামাজিক ব্যাধি হিচাপে দেখা দিছে ৷ এই ব্যাধি দূৰ কৰিবলৈ আমি 27 নৱেম্বৰত এটা প্ৰচেষ্টা হাতত লৈছো ৷ উদমাৰী জামেকুছি মছজিদৰ দ্বাৰা এই সিদ্ধান্ত লোৱা হৈছে যে যিসকল ড্ৰাগছ বিক্ৰেতা বা ড্ৰাগছ সেৱনকাৰীৰ মৃত্যু হ’ব তেওঁলোকৰ মৃত্যুৰ খবৰ ৰাজহুৱাভাৱে মাইকযোগে প্ৰচাৰ নহয় ৷ দ্বিতীয়তে তেওঁলোকৰ জানাজাত পৰিয়ালৰ লোকৰ বাহিৰে অন্য লোক উপস্থিত নাথাকিব ৷ মছজিদৰ ইমামে তেওঁৰ জানাজা নপঢ়ায় আৰু তেওঁলোকৰ মৃতদেহ কঢ়িয়াবলৈ মছজিদৰ খাট ব্যৱহাৰ কৰা নহয় ৷" নগাঁৱৰ উদমাৰীবালোৰ ঘাট জামে মছজিদৰ ঐতিহাসিক সিদ্ধান্ত (Action against drugs addict in Masjid) ৷

ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ অভিযান চলাই থকাৰ সময়তে এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে নগাঁৱৰ মছজিদ কমিটিয়ে ৷ সম্প্ৰতি নগাঁও চহৰত অলিয়ে গলিয়ে ড্ৰাগছৰ বেহা গঢ় লৈ উঠিছে (Anti drugs campaign in Assam) ৷ এই সন্দৰ্ভত প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাকো ভেঙুচালি কৰি একাংশই চলাই যোৱা এই বেহাত যুৱ প্ৰজন্ম অধিক আসক্ত হোৱা পৰিলক্ষিত হৈছে (Drugs addiction increase in Nagaon) ৷ নগাঁৱৰ উদমাৰীবালোৰ লগতে নিকটৱৰ্তী অঞ্চলত দিনক দিনে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Masjid committee action against drugs addict)৷

মছজিদ কৰ্তৃপক্ষই (Masjid committee on drugs addict) কয়, "গোটেই বিশ্বতে ড্ৰাগছে এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে ৷ আমি ভাবো যে ড্ৰাগছ এক আন্তৰ্জাতিক সমস্যালৈ পৰিণত হৈছে ৷ ড্ৰাগছৰ কবলত পৰি যুৱ প্ৰজন্মৰ শাৰীৰিক মানসিক অৱক্ষয় ঘটিছে ৷ এই জটিল সময়ত আমাৰ অঞ্চলতো বহু যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলত পৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে কেইবাজনো যুৱকৰ মৃত্যু হৈছে ৷ আমি আশা ৰাখিছো যে সকলোৱে সহযোগিতা আগবঢ়ালে এই প্ৰস্তাৱৰ জৰিয়তে আমি সমাজখনক এক বান্ধোনলৈ আনিব পাৰিম ৷ সমাজত বান্ধোন নোহোৱা হোৱাৰ কাৰণে এনেধৰণৰ ঘটনা অত্যাধিকভাৱে হ’বলৈ ধৰিছে ৷"

আনহাতে বহুতে এই সিদ্ধান্তক কঠোৰ সিদ্ধান্ত বুলি কৈছে যদিও আমি ভাবো এইটো কোনো কঠোৰ সিদ্ধান্ত নহয় ৷ এই জানাজাৰ নামাজত মৃতকৰ আত্মাৰ সদগতিৰ বাবে নেদেখাজনৰ ওচৰত দোৱা কৰা হয় ৷ আমাৰ উদ্দেশ্য এইটোৱেই যে আমাৰ এই নিয়মৰ ভিতৰত আমি মৃতকৰ ৰাজহুৱা স্বীকৃতি নিদিও ৷ আমাৰ সমাজখনক সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিবলৈ কিছু সামাজিক বান্ধোনৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে মছজিদ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: CRPF gundagiri at Merapani: মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তত নিয়োজিত চি আৰ পি এফৰ গুণ্ডাগিৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.