ETV Bharat / state

বিধায়কৰ কিনা বেচা কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ কৰিছিল হিমন্তই: মানস বৰা - Manas Bora on recently completed Rajya Sabha elections

ৰাজ্যসভা নিৰ্বাচনত বিধায়কৰ কিনা বেচা কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ কৰিছিল হিমন্তই বিশ্ব শৰ্মাই । এআইইউডিএফ বিশ্বাসঘাটক। কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ বিক্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। ৰাজ্যসভা নিৰ্বাচনক লৈ নগাঁৱত বিস্ফোৰক মন্তব্য কংগ্ৰেছী নেতা মানস বৰাৰ(Manas Bora remarks on Himanta Biswa Sarma) ।

congress leader Manash bora comments on Rajya sabha election
ৰাজ্যসভা নিৰ্বাচনত বিধায়ক কিনা বেচা কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ কৰিছিল হিমন্তই : মানস বৰা
author img

By

Published : Apr 1, 2022, 6:55 PM IST

নগাঁও, 1 এপ্ৰিল : বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা ৰাজ্যসভা নিৰ্বাচনৰ দ্বিতীয়খন আসনৰ বাবে পৰ্য্যাপ্ত ভোটৰ পিছতো বিৰোধী ঐক্যৰ প্ৰাৰ্থী ৰিপুন বৰা পৰাজিত হোৱাক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা । কংগ্ৰেছে এআইইউডিএফক আৰু এআইইউডিফে কংগ্ৰেছৰ ওপৰত দোষ জাপি নিজকে বদনাম মুক্ত কৰাৰ চেষ্টাও অব্যাহত ৰাখিছে । এনে সময়তে ৰাজ্যসভা নিৰ্বাচনক লৈ নগাঁৱত কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ালে কংগ্ৰেছী নেতা মানস বৰাই(Manas Bora on recently completed Rajya Sabha elections) । ৰাজ্যসভা নিৰ্বাচনত বিধায়ক কিনা বেচা প্ৰথা কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই চলি অহাৰ কথা স্বীকাৰ কৰি কংগ্ৰেছ নেতা মানস বৰাৰ মন্তব্য ।

ৰাজ্যসভা নিৰ্বাচনত বিধায়কৰ কিনা বেচা কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ কৰিছিল হিমন্তই : মানস বৰা

তেওঁ অভিযোগ উত্থাপন কৰি কয় যে, সেই সময়তো বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ কংগ্ৰেছী নেতা ড৹ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিছিল বিধায়ক কিনা বেচা কৰা কাৰ্য্যৰ । অৱশ্যে সেই সময়ত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এনে কাৰ্য্য কংগ্ৰেছে ভাল পোৱা নাছিল বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা মানস বৰাই । বৰ্তমানো ড৹ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী নিঃশেষ কৰাৰ পৰিকল্পনা হাতত লৈছে বুলি উল্লেখ কৰি মানস বৰাৰ মন্তব্য ।

এয়া গণতন্ত্ৰৰ বাবে শুভলক্ষণ নহয় । ৰাজ্যসভাত ৰাইজৰ হকে মাত মাতিব পৰা বিৰোধী ঐক্যৰ প্ৰাৰ্থী পৰাজিত হোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি কংগ্ৰেছী নেতাগৰাকীৰ মন্তব্য প্ৰকাশ কৰি কয় যে, কংগ্ৰেছক বিশ্বাসঘাতকতা কৰিছে এআইইউডিএফদলে । ইপিনে কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদেও হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিব বিচাৰিছে বুলিও উল্লেখ কৰি ছিদ্দিক আহমেদ বিজেপিৰ ওচৰত বিক্ৰী গৈছে বুলিও মন্তব্য কৰে কংগ্ৰেছী নেতা মানস বৰাই ।

লগতে পঢ়ক : AIUDF আৰু বিজেপিৰ চাৰ্টিফিকেট বিচাৰি মই ৰাজনীতি কৰা নাই : মনজিৎ মহন্ত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.