ETV Bharat / state

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

author img

By

Published : Aug 17, 2022, 5:38 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। এইবাৰ বন্যহস্তীৰ আক্ৰমণত কলিয়াবৰত নিহত হৈছে এজন লোক (Man killed in wild elephant attack) ৷

Men dead by elephant attack in kaliabor
কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

কলিয়াবৰ, 17 আগষ্ট: ৰাজ্যজুৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant Conflict)৷ নগাঁও জিলাৰ কলিয়াবৰকে ধৰি কেইবাটাও অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে (Elephant menace in Nagaon)। কিন্তু এইবাৰ বন্যহস্তীৰ উপদ্ৰৱে লৈছে ভয়ংকৰ ৰূপ ৷ শেহতীয়াকৈ বন্যহস্তীৰ আক্ৰমণত কলিয়াবৰত নিহত হয় এজন লোক (Man killed in wild elephant attack) ৷

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে নিশা কলিয়াবৰ মহকুমাৰ ১ নং সৰিয়হবাৰীত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । নিশা প্ৰায় ১ বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়তে উপেন কলিতা নামৰ লোকজনক আক্ৰমণ কৰে এটা বনৰীয়া হাতীয়ে । হাতীৰ আক্ৰমণত থিতাতে নিহত হয় লোকজন । এই ঘটনাৰ পিছতে পৰিয়ালবৰ্গৰ মাজত কান্দোনৰ ৰোল উঠিছে ৷ লগতে সমগ্ৰ অঞ্চলটোতে আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

আনহাতে, জখলাবন্ধাৰ বৰহোলাত দেখা গ’ল একাংশ যুৱকৰ বনৰীয়া হাতীৰে খেদা-খেদি কৰাৰ দৃশ্য ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে বিগত চাৰি/পাঁচ দিন জখলাবন্ধা বৰহোলা অঞ্চলত খেতি-পথাৰৰ শস্য খাই তহিলং কৰিছে । দেখাত সৰু যদিও হাতীটোৰ বয়স যথেষ্ট হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ জখলাবন্ধাৰ পৰা যোৱা বনবিভাগৰ এটা দল । হাতীটোক বিয়লিৰ ভাগলৈ কাজিৰঙালৈ খেদি পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনালে বনবিভাগৰ লোকে ।

লগতে পঢ়ক: বনৰীয়া হাতীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰে তিনি গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.