নগাঁও, 8 মাৰ্চ: নগাঁৱৰ কুখ্যাত সুদখোৰ ইমৰান হুছেইন ওৰফে ইৰান পুনৰ জালত পৰিছে নগাঁও আৰক্ষীৰ(Iran under police custody) । নগাঁও চহৰৰ এটা পৰিয়ালক ভয় ভাবুকিৰে সম্পত্তি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ ইৰানৰ বিৰুদ্ধে (Illegal acquisition of property creating fear) । চহৰখনৰ এটা পৰিয়ালৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰি পৰিয়ালক ভয় ভাবুকিৰে ভীতিগ্ৰস্ত কৰাত পৰিয়ালটোৱে কাষ চাপে নগাঁও আৰক্ষীৰ ।
এই সন্দৰ্ভত পৰিয়ালটোৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ আছিল এটা গোচৰ । ৩২৫৫/২১ নম্বৰত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত সোমবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সুদখোৰ ইমৰান হুছেইন ওৰফে ইৰানক । সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা ইৰানক জেৰা চলোৱাৰ অন্তত মঙলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নগাঁও আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি সুদখোৰ ইৰানে নগাঁৱৰ বহু পৰিয়ালক টকা সুদত দিয়াৰ নামত ঘৰ মাটি বেদখল কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এইজন ইমৰান হুছেইন ওৰফে ইৰানে ।
ইৰানৰ অত্যাচাৰৰ বলি হৈ সৰ্বস্বান্ত হৈছিল নগাঁৱৰ বহু পৰিয়াল । সুদখোৰ ইমৰান হুছেইন ওৰফে ইৰানৰ ভয়ত বহু পৰিয়ালে মুখ খুলিবলৈয়ে ভয় কৰিছিল । কিন্তু কিছুদিন পূৰ্বে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সুদখোৰ ইৰানক গ্ৰেপ্তাৰ কৰাৰ পিছতেই বহু পৰিয়াল ওলাই আহি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । মাত্ৰ কেইদিনমান পূৰ্বে জেল হাজোতৰ পৰা জামিনত মুকলি হৈ অহা ইমৰান হুছেইন ওৰফে ইৰানক পুনৰ আন এটি গোচৰত গ্ৰেপ্তাৰ কৰি নগাঁও আৰক্ষীয়ে প্ৰেৰণ কৰে জেল হাজোতলৈ । উল্লেখযোগ্য যে, সুদখোৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে পূৰ্বৰ দৰেই অব্যাহত ৰাখিছে অভিযান ।
লগতে পঢ়ক: Arms and ammunition recovered: কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ