ETV Bharat / state

Rana pogag got bail: কাৰাগাৰৰ পৰা ওলায়েই পুনৰ মাজুলী আৰক্ষী জালত ৰাণা পগাগ - Police seized computer of Rana Pogag

কাৰাগাৰ পৰা মুকলি হৈ স্বস্তিৰ নিশ্বাস এৰিবলৈ নৌপাওঁতেই কাৰাগাৰৰ দুৱাৰডলিত মাজুলী আৰক্ষী (Rana pogag got bail) ৷ জোনমনি ৰাভাৰ পিছতেই দেওবাৰে নগাঁও বিশেষ কৰাগাৰাৰ পৰা জামিন লাভ কৰে ৰাণা পগাগে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ কাৰাগাৰৰ চাৰিদুৱাৰ পাৰ হ'বলৈ নৌপাওঁতেই পুনৰ মাজুলী আৰক্ষীয়ে আটক কৰে কৰে ৰাণা পগাগক (Majuli police arrested Rana pogag ) ৷

কাৰাগাৰৰ পৰা ওলায়েই পুনৰ মাজুলী আৰক্ষী জালত ৰাণা পগাগ

author img

By

Published : Jul 24, 2022, 9:39 PM IST

নগাঁও, 24 জুলাই: ৰাণাৰ বিলৈ ৷ কাৰাগাৰ পৰা মুকলি হৈ স্বস্তিৰ নিশ্বাস এৰিবলৈ নাপাওঁতেই কাৰাগাৰৰ দুৱাৰডলিত মাজুলী আৰক্ষী (Rana pogag got bail) ৷ জোনমনি ৰাভাৰ পিছতেই দেওবাৰে নগাঁও বিশেষ কৰাগাৰাৰ পৰা জামিন লাভ কৰে ৰাণা পগাগে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ কাৰাগাৰৰ চাৰিদুৱাৰ পাৰ হ'বলৈ নৌপাওঁতেই পুনৰ মাজুলী আৰক্ষীয়ে আটক কৰে কৰে ৰাণা পগাগক (Majuli police arrested Rana pogag ) ৷

কাৰাগাৰৰ পৰা ওলায়েই পুনৰ মাজুলী আৰক্ষী জালত ৰাণা পগাগ

ONGC ত চাকৰি কৰাৰ ভুৱা পৰিচয়ৰে বিভিন্ন জনক ঠিকা আৱন্টন দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনাৰ জাল পাতিছিল ৰাণা পগাগে ৷ ইয়াৰ পিছতে ৰানাৰ বিৰুদ্ধে দিয়া এজাহাৰৰ ভিত্তিত ৫২৭/২২ নম্বৰ গোচৰ ৰুজু কৰি ৰাণাক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে ৷

শেহতীয়াকৈ নগাঁও আদালতে জামিন দিছিল প্ৰৱঞ্চক ৰাণাক৷ নগাঁও সদৰ থানাত ৰুজু হোৱা গোচৰত জামিন দিছিলহে যদিও দেওবাৰে নগাঁও বিশেষ কাৰাগাৰৰ পৰা আন এটা গোচৰত ৰাণাক গ্ৰেপ্তাৰ কৰে মাজুলী আৰক্ষীয়ে ৷

উল্লেখ্য যে জোনমণি ৰাভা মাজুলীত কৰ্মৰত অৱস্থাত ৰাণা পগাগে নিজকে অ'এনজিচিৰ বিষয়া বুলি পৰিচয় দি বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল । ONGCৰ অধীনত ঠিকা দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰানা পগাগৰ বিৰুদ্ধে । যাৰ বাবে ভুক্তভোগীসকলে মাজুলী আৰু নগাঁৱত গোচৰ ৰুজু কৰিছিল ।

ৰাণা পগাগে লোৱা ভাড়া ঘৰৰ সকলো নথি-পত্ৰৰ লগতে ৰাণা আৰু আৰক্ষী বিষয়া জোনমণি ৰাভাই ব্যৱহাৰৰ কৰা কম্পিউটাৰো জব্দ কৰিছিল মাজুলী আৰক্ষীয়ে (Police seized computer of Rana Pogag)। ৰাণা পগাগৰ তিনিটাকৈ বেংক একাউণ্ট আৰক্ষীয়ে বাজেয়াপ্ত কৰিছিল ।

ইয়াৰ উপৰিও আৰক্ষী বিষয়া জোনমণি ৰাভায়ো প্ৰাক্তন প্ৰেমিক ৰাণাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত এই প্ৰৱঞ্চনাত জোনমণি ৰাভাৰ নামো সাঙোৰ খাই পৰিছিল ।

লগতে পঢ়ক: মোক মাৰি পেলাওক একেবাৰে; সাংবাদিকক ক’লে ৰাণা পগাগে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.