ETV Bharat / state

ব্যতিক্ৰমী ভেলাঘৰেৰে ভোগালীক আদৰাৰ প্ৰস্তুতি জাজৰি শিমলুতলবাসীৰ

বিশ্ব শান্তিৰ বাবে 5 দিনীয়া অখণ্ড ভাগৱত পাঠৰ বাবে নগাঁও জিলাৰ জাজৰি শিমলুতল বাসীয়ে নিৰ্মাণ কৰি উলিয়ালে খেৰেৰে নিৰ্মিত নামঘৰ ৷ খেৰেৰে সাজি উলিয়াইছে মহাভাৰতৰ ৰণত কৃষ্ণাৰ্জুনে ব্যৱহাৰ কৰা কপিধ্বজ ৰথ ৷

magh bihu preparation at batadrava in nagaon
ভোগালীক আদৰিবলৈ সাজু শিমলুতলবাসী
author img

By

Published : Jan 12, 2020, 8:35 PM IST

নগাঁও , 12 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদেৰে উত্তাল এই সাম্প্ৰতিক পৰিস্থিতিৰ মাজেৰেই চহা অসমীয়া সাজু হৈছে বাপতিসাহোন ভোগালীক আদৰিবলৈ ৷ ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ নগাঁও জিলাৰ জাজৰি শিমলুতল বাসীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ গাঁওখনৰ ডেকা সকলে ব্যতিক্ৰমী ৰূপেৰে সাজি উলিয়াইছে মেজি আৰু ভেলাঘৰ ৷

magh bihu preparation at batadrava in nagaon
ভোগালীক আদৰিবলৈ সাজু শিমলুতলবাসী
মাতৃ ভূমিৰ পৰা যাতে অসূয়া-অপ্ৰীতি দূৰ হৈ শান্তি প্ৰতিষ্ঠা হয়, সেই কামনাৰে ভগৱানৰ আশীষ বিচাৰি মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কপিধ্বজ ৰথৰ আৰ্হিৰে গাঁওবাসীয়ে নিৰ্মাণ কৰিছে মেজি ঘৰ ৷ বিহুৰ দিনাৰে পৰাই 5 দিনীয়া কাৰ্যসূচীৰে গাঁওখনত অনুষ্ঠিত হ’ব অখণ্ড ভাগৱত পাঠ ৷ উল্লেখযোগ্য যে , অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ বাবে গাঁওবাসীয়ে বিহুৰ থলীতেই খেৰেৰ নিৰ্মাণ কৰি উলিয়াইছে নামঘৰ ৷ 8 ডিচেম্বৰতে লাইখুটা স্থাপন কৰি বিহুৰ প্ৰস্তুতি চলোৱা জাজৰি শিমলুতল বাসী উৎসাহেৰে সাজু হৈছে ব্যতিক্ৰমীভাৱে ভোগালী বিহু উদযাপনৰ বাবে ৷
ভোগালীক আদৰিবলৈ সাজু শিমলুতলবাসী

লগতে পঢ়কঃজে এন ইউত সংকট আৰু ইয়াৰ প্ৰভাৱ

Intro:নগাঁৱৰ জাজৰি শিমলুতলত মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণৰ ৰথ আৰু চাং ঘৰৰ লগতে নামঘৰৰ আৰ্হিত মেজি ঘৰ নিৰ্মাণ। Body:কা'  বিৰোধী আন্দোলনে সম্প্রতি উত্তাল কৰি ৰাখিছে সমগ্র ৰাজ্যৰ লগতে দেশজুৰি।যাৰ ফলত শংকিত হৈ পৰিছে জনতা। এনে এক জটিল সন্ধিক্ষণত জাজৰি শিমলুতল বাসী ৰাইজে গ্রহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ।মাতৃ ভূমিৰ পৰা যাতে অসুইয়া অপ্ৰীতি বিনাশ ঘটি শান্তিৰ প্ৰতিষ্ঠা হয়, তাৰ লক্ষ্যৰে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কপিধ্বজ ৰথৰ আৰ্হিত অধৰ্মক নাশ কৰি শান্তি প্রতিষ্ঠাৰ বাবে মেজি ঘৰ নিৰ্মাণ কৰিছে। য'ত আধ্যাত্মিক শক্তি লাভৰ বাবে নিৰ্মাণ কৰিছে নামঘৰ আৰু চাং ঘৰ।ভেলাঘৰ আৰ্হিত নিৰ্মাণ হোৱা নামঘৰতে বিহুৰ পাছদিনাৰ পৰা বিশ্বশান্তিৰ বাবে ৫ দিনীয়া কাৰ্যসূচীৰে চলিব অখন্ড ভাগৱত পাঠ। উল্লেখ্য যে, জাজৰি শিমলুতল আঞ্চলিক যুৱ বৃন্দৰ উদ্যোগত পূর্বৰ পৰম্পৰাৰে এই বাৰো নিৰ্মাণ কৰিছে মেজি ঘৰ। যোৱা ৮ ডিচেম্বৰতে লাই খুটা নিৰ্মাণ কৰা মেজি ঘৰটোৰ ইতিমধ্যে নিৰ্মাণৰ প্ৰায় ৯০ শতাংশ কাম সম্পূর্ণ কৰি তুলিছে।অসমীয়াৰ  অতিকৈ চেনেহৰ আৰু আদৰৰ মাঘ বিহুলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী । এই সময় ছোৱাত এতিয়া গাঁৱে-ভুঁঞে নগৰে-চহৰে দেখিবলৈ পোৱা গৈছে মাঘ বিহুক আদৰাৰ এতিয়া ব্যাপক প্ৰস্তুতি ।ডেকাৰ পৰা বৃদ্ধলৈকে সকলো যেন ব্যস্ত ভোগালীক আদৰিবলৈ। শিমলুতল  গাওঁখনৰ ডেকাসকল এতিয়া ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মানত । কোনোৱে যদি বাঁহ কটাত , কোনোৱে অাকৌ বিহু গাই নৰা কটাত ব্যস্ত । অাটক ধুনীয়াকৈ খেৰ অাৰু বাঁহেৰে নিৰ্মাণ কৰিছে ভেলাঘৰ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.