কলিয়াবৰ, 17 জানুৱাৰী : কলিয়াবৰত প্ৰচলিত হৈ অহা দুশ বছৰীয়া এক পৰম্পৰা 'শীত পোৰা উৎসৱ' ৷ কলিয়াবৰৰ কামাখ্যা গাঁৱত আহোম যুগীয়া পৰম্পৰাৰে আজিও বিদ্যমান হাৰলি ঘৰ ৷ মাঘ বিহুৰ দিনা গঞা ৰাইজে খেৰ-নৰা-বাঁহৰে সাজি উলিওৱা হাৰলি ঘৰ বিহুৰ দিনা ধৰ্মীয় পৰম্পৰাৰে স্থাপন কৰে আৰু তিনি দিন ৰখাৰ পাছত মাঘৰ দ্বিতীয় দিনা দাহ কৰে ৷ ঠিক তেনেদৰে মাঘৰ দ্বিতীয় দিনা কলিয়াবৰৰ সোণাৰী গাঁৱত পালন কৰা হয় ঘৰ পোৰা বিহু ৷
মাঘ বিহুৰ উৰুকাৰ দিনা সোণাৰী গাঁৱৰ সাত খেলৰ ৰাইজে পথাৰত সাজি উলিওৱা হাৰলি ঘৰত দুপৰীয়া ভকত-বৈষ্ণৱ সকলে নাম-প্ৰসংগ কৰি সেৱা লৈ মাহ-প্ৰসাদ গ্ৰহণৰ অন্তত জ্বলাই দিয়ে এই হাৰলি ঘৰ ৷ সোণাৰী গাঁৱৰ ঘৰৰ পোৰা বিহুৰ পাছতে মহিলাসকলে আওঁহতীয়া ঠাইত লগ হৈ ৰং-ৰহইচ কৰি নৃত্য প্ৰদৰ্শন কৰে ৷ তাহানি পুৰুষৰ পৰা আঁতৰি মনে মনে নচা ক'লী বুঢ়ী নৃত্যক আজিও প্ৰাণৱন্ত কৰি ৰাখিছে কলিয়াবৰৰ সোণাৰীগাঁৱত ৷ বৃটিছে চাবলৈ অহা এই ক'লীবুঢ়ী নৃত্য মধ্য অসমৰ অন্যতম ভোগালী বিহুত পৰিৱেশন কৰা এক লোকনৃত্য ৷
মাঘ বিহুৰ আন এক পৰম্পৰা কলিয়াবৰৰ মহিলাই পৰিৱেশন কৰা কʼলী বুঢ়ী নৃত্য ৷ জ্বলা মেজিৰ পৰা উৰি অহা ছাই মুখত সানি পৰিৱেশন কৰা এয়াই হ'ল কʼলী বুঢ়ী নৃত্য ৷ সোণাৰী গাঁৱৰ মাঘ বিহুৰ আন এক পৰম্পৰা এই ক’লী বুঢ়ী নৃত্য ৷ নৃত্যৰ দলটোত এগৰাকীয়ে নাচৰ গুৰি ধৰে ৷ মুখত হাৰলি ঘৰ পোৰা ছাই সানি মুখ ক’লা কৰি মূৰত পাগুৰি মাৰি ওজাপালিৰ আৰ্হিত গীত গায় আৰু বাকী মহিলাসকলে গীতৰ তালে-তালে ঘূৰি ঘূৰি নৃত্য কৰে ৷ মূল ভাৱৰীয়া গৰাকীয়ে ৰিহা মেখেলা পৰিধান কৰি ভাও দি-দি গীতৰ কথা আগবঢ়াই নিয়ে ৷
কম বয়সীয়া বোৱাৰী বা ছোৱালীয়ে এই নাচত অংশগ্ৰহণ কৰা দেখা নাযায় ৷ পুৰুষসকলেও এই নাচ চোৱাত পূৰ্বতে বাধা আছিল ৷ আজিৰে পৰা 50-60 বছৰৰ আগলৈকে কোনো লোকে গোপনে ক’লীবুঢ়ী নাচ চাবলৈ যোৱা গম পালে সমাজত বা গাঁৱৰ ৰাইজৰ আগত ন্যূনতম জৰিমনা আদায় দিব লাগিছিল ৷ নাৰীসকলে কাঁহৰ বাদ্য আৰু হাত চাপৰিৰে তাল মিলাই বিহুগীতো পৰিৱেশন কৰে এই ক’লী বুঢ়ী নৃত্যত ৷ ক’লীবুঢ়ী নৃত্য বা ক'লী বুঢ়ীৰ নাচ মাঘ বিহুৰ সৈতে জড়িত আৰু কলিয়াবৰৰ ঠাই বিশেষে অনুষ্ঠিত এক লোকানুষ্ঠান ৷ ই কেৱল মহিলাৰ মাজতে প্ৰচলিত ৷
ক্ৰমে লুপ্ত হৈ যাব ধৰা এই নাচৰ অনুষ্ঠানে আদিম কৃষিজীৱি অসমীয়া সমাজৰ সৃষ্টিশীল মনক প্ৰকাশ কৰে ৷ ক’লী বুঢ়ী নাচত পুৰুষৰ অংশগ্ৰহণ বা প্ৰৱেশ নিষেধ যদিও লুপ্তপ্ৰায় অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টাত এই নাচৰ অনুষ্ঠানক বৰ্তমান পুৰুষৰ উপস্থিতিত সাংস্কৃতিক কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা দেখা যায় ৷ আনহাতে কলিয়াবৰৰ নলতলী গাঁৱৰ ৰাইজে ভোগালী বিহু উপলক্ষে সাজি উলিওৱা হাৰলি ঘৰৰ প্ৰাংগনতে আজি শিল্পী দিৱসৰ আয়োজন কৰে ৷ ভোগদৈ নামৰ অনুষ্ঠানৰ উদ্যোগত, ভোমোৰাগুৰি শাখা সাহিত্য সভাৰ সহযোগত নলতলী গাঁওবাসীয়ে পালন কৰা শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰাৰ লগতে নৃত্য-গীতৰ অনুষ্ঠান পৰিৱেশন কৰে ৷
লগতে পঢ়ক : কঠীয়াতলীত তিৱা সকলৰ ভোগালী বিহু উদযাপন, আনন্দত মতলীয়া গাওঁবাসী