ETV Bharat / state

চৰকাৰে নুবুজে কৃষকৰ মৰ্ম-বেদনা: লুৰিণ জ্যোতি গগৈ - কৃষক

বামুণী গ্ৰান্ট কৃষকৰ কাষত ঠিয় দি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন তীব্ৰ সমালোচনা কৰে লুৰিণ জ্যোতি গগৈয়ে ৷ বামুণী গ্ৰান্টত চৰকাৰে সৌৰ শক্তি প্ৰকল্প আৰম্ভ কৰিব খোজা ঘটনাক বাধা দি তেওঁ কয় যে, চৰকাৰে এই ধৰণৰ মইমতালিৰে কাম কৰিলে গণতান্ত্ৰিক আন্দোলনেৰে উত্তৰ দিয়া হ’ব ৷

lurin jyoti gogoi stand with victim farmers of mikir bamuni grant

author img

By

Published : Jan 8, 2021, 2:23 PM IST

Updated : Jan 8, 2021, 3:21 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী : বঢ়মপুৰৰ মিকিৰ বামুণী গ্ৰান্টৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত উপস্থিত হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ নিৰীহ কৃষকৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে অখিল গগৈক কাৰাগৰৰ পৰা মুক্তি দিবলৈও আহ্বান জনাই যুৱ নেতা গৰাকীয়ে ৷

মিকিৰ বামুণী গ্ৰান্টৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত উপস্থিত লুৰিণজ্যোতি গগৈ

বামুণী গ্ৰান্ট কৃষকৰ কাষত ঠিয় দি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন তীব্ৰ সমালোচনা কৰে লুৰিণ জ্যোতি গগৈয়ে ৷ তেওঁ কয় যে, এইখন চৰকাৰে পুঁজিপতিৰ স্বাৰ্থ পূৰ্ণ কৰাৰ বাবে সাধাৰণ ৰাইজক পুলিচৰ ভয় ভাবুকি দেখুওৱাতো তেনেই সাধাৰণ কথা ৷ প্ৰতিশোধ পৰায়ণ সোণোৱাল চৰকাৰে কৃষকৰ মৰ্ম-বেদনা কোনো কাৰণতে বুজি নাপায় বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷

বামুণী গ্ৰান্টত চৰকাৰে সৌৰ শক্তি প্ৰকল্প আৰম্ভ কৰিব খোজা ঘটনাক বাধা দি তেওঁ কয় যে, চৰকাৰে এই ধৰণৰ মইমতালিৰে কাম কৰিলে গণতান্ত্ৰিক আন্দোলনেৰে উত্তৰ দিয়া হ’ব ৷

লগতে পঢ়ক : ৰাইজৰ দলৰ অভিৱৰ্তনৰ প্ৰতিনিধি সভাত গৃহীত দলীয় সংবিধান

Last Updated : Jan 8, 2021, 3:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.