নগাঁও, 9 এপ্ৰিল: অসমৰ বাৰেবৰণীয়া জনগোষ্ঠীয় লোক কলা, কৃষ্টি, সংস্কৃতি শিক্ষাৰ্থীসকলৰ মাজত প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে নগাঁও ছোৱালী মহাবিদ্যালয়ত এক জনগোষ্ঠীয় লোক নৃত্যানুষ্ঠান অনুষ্ঠিত হয় ৷ মহাবিদ্যালয় খনৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত তথা তিৱা মাথনলাই তখ্ৰাৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
মহাবিদ্যালয়ৰ মুক্তাঙ্গন শীৰ্ষক মঞ্চত অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ ড৹ উমেশ ডেকাই মুখ্য অতিথি হিছাপে অংশগ্ৰহণ কৰে । ভাষণ প্ৰসংগত বিশিষ্ট শিক্ষাবিদ ড৹ উমেশ ডেকাই কয় যে, "যি জাতিয়ে সাংস্কৃতিক সমন্বয় গঢ়িব নোৱাৰে, সাংস্কৃতিক সেঁতু নিৰ্মাণ কৰিব নোৱাৰে, তেনে জাতিয়ে বিভিন্ন জনগোষ্ঠী, বিভিন্নজনৰ হৃদয়ত নিজৰ আত্ম প্ৰতিষ্ঠাৰ পথো প্ৰশস্ত কৰিব নোৱাৰে ৷"
![lokanritya programme at nagaon girls college](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-04-9aprl-lukanritya-programe-image-7203829_09042021220248_0904f_1617985968_759.jpg)
নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ অমিয়া পাটৰে সামগ্ৰিকভাৱে পৰিচালনা কৰা অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ ড৹ বলিন কুমাৰ ভূঞাই আদৰণি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ছাত্ৰীসকলে তিৱা নৃত্য, বেম্ব’ নৃত্য আদি পৰিৱেশন কৰাৰ লগতে তিৱা জনগোষ্ঠীৰ দলে পৰম্পৰাগত তিৱা বিহু, খামছি মিছৱা, নাংফুনং মিছৱা, সমন্বয় নৃত্য, সমৰকলা আদি পৰিৱেশনৰে অনুষ্ঠানটো মনোগ্ৰাহী কৰি তোলে ৷
এই জনগোষ্ঠীয় লোক নৃৃত্যানুষ্ঠানটিত তিৱা মাথনলাই তখ্ৰাৰ উপ সভাপতি শৰৎ পাটৰ, মুুুখ্য সম্পাদক ড৹ বিদ্যুৎ বিকাশ সেনাপতি, মহাবিদ্যালয়ৰ উপাধ্যক্ষা কল্পনা ভট্টাচাৰ্য, মহাবিদ্যালয়খনৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ৰঞ্জিত বৰুৱা, জ্যেষ্ঠ অধ্যাপক ড৹ বিপুল মালাকাৰ, মৰমী গায়ন, দিব্যজ্যোতি শইকীয়া, ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা দময়ন্তী দাস, অধ্যাপক ববিতা বৰুৱা, ড৹ মনিকা শইকীয়া, ড৹ নিৰ্মালী শইকীয়াৰ লগতে জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰদলৈ, জয়ন্ত মুদৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী পপী বৰা বৰদলৈ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক: কলিয়াবৰত বয়ন শিল্পৰ উৎপাদন কেন্দ্ৰ স্থাপন