ETV Bharat / state

লকডাউনে এতিয়া বিপাঙত পেলাইছে ধিঙৰ খেতিয়কক

মহামাৰী কভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত ঘোষণা হোৱা মিনি লকডাউনত অধিক জুৰুলা হৈছে খাটিখোৱা লোকসকল ৷ বিপাঙত পৰিছে ধিঙৰ খেতিয়ক সকল ৷ পথাৰতে পকি, পথাৰতে গেলিছে উৎপাদিত ফচল ৷ গৰু-ছাগলীৰ খাদ্যলৈ ৰূপান্তৰিত খেতিয়কৰ কষ্টোপাৰ্জিত ফচল ৷

লকডাউনে এতিয়া বিপাঙত পেলাইছে ধিঙৰ খেতিয়কক
লকডাউনে এতিয়া বিপাঙত পেলাইছে ধিঙৰ খেতিয়কক
author img

By

Published : Jun 3, 2021, 9:04 AM IST

চামগুৰি, 3 জুন: ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হৈছে, যদিও ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়াও ৰাজ্যৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ আছে ৷ যাৰ বাবে প্ৰশাসনে জাৰি কৰিছে ইখনৰ পাচত আনখনত নতুন নীতি-নিৰ্দেশনা ৷ ফলত সমগ্ৰ ৰাজ্যতে অব্যাহত আছে মিনি লকডাউন ৷

ক’ভিড মহামাৰীক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা মিনি লকডাউনত বিপাঙত পৰিছে এতিয়া খাটিখোৱা লোকসকল ৷ ধিঙৰ কৃষক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ কিয়নো উপযুক্ত বজাৰৰ অভাৱত মূৰৰ ঘাম মাটিত পেলাই কৃষক সকলে উৎপাদন কৰা ফচল পথাৰতে নষ্ট হ’বলৈ ধৰিছে ৷ উপায়ন্তৰ হৈ কষ্টোপাৰ্জিত ফচল গৰু-ছাগলীক খাব দিবলৈ বাধ্য হৈছে কৃষক সকলে ৷

লকডাউনে এতিয়া বিপাঙত পেলাইছে ধিঙৰ খেতিয়কক

ডালতে গেলিছে পটল, জিকা, বেঙেনা আদি ৷ পথাৰত চেদেলি-ভেদেলি হৈ পৰি ৰৈছে অসংখ্যা ফচল ৷ এইক্ষেত্ৰত ভ্ৰূক্ষেপ নাই ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ ৷ দুৰ্ভগীয়া কৃষকৰ খবৰ ল’বলৈও আহৰি নাই বৰমুৰীয়াসকলৰ ৷ এই অভিযোগ কৰিছে ভুক্তভোগী কৃষক সকলে ৷

মিনি লকডাউনে জুৰুলা কৰা কৃষক সকলে এই ক্ষেত্ৰত চৰকাৰৰ পৰা বিচাৰিছে সহায়ৰ হাত ৷ এই দুৰ্যোগৰ সময়ত এক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী কৃষক সকলে ৷

লগতে পঢ়ক: ক’ভিড পৰিস্থিতিত কেনে আছে গোলাঘাট-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলবাসী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.