নগাঁও,16 আগষ্টঃ নগাঁৱত হঠাৎ চলিল আৱকাৰী বিভাগৰ অভিযান। নগাঁৱৰ ডিমৰুগুৰি আৰু উৰিয়াগাঁও অঞ্চলৰ চুতীয়াগাঁৱত বিভাগটোৱে অভিযান চলাই দুটাকৈ চুলাই মদৰ ভাটী উচ্ছেদ কৰাৰ লগতে দুজনকৈ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । ধৃত লোক দুজন হৈছে ৰাতুল বণিয়া আৰু ধনীৰাম দাস ।
উল্লেখযোগ্য যে, এই দুই অসাধু ব্যৱসায়ীয়ে নিজা বাসগৃহতেই দীৰ্ঘদিন ধৰি চলাই আহিছিল অবৈধ বেহা । আৱকাৰী বিভাগে অভিযানকালত বুজন পৰিমাণৰ চুলাই মদো জব্দ কৰি সেই স্থানতেই বিনষ্ট কৰে । উল্লেখ্য যে, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত লক্ ডাউনৰ সময়ছোৱাতে নতুনকৈ গঢ় লৈ উঠিছে বহুকেইটা চুলাই মদৰ ভাটী ।
লগতে পঢ়কঃ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ মাছমৰীয়াৰ