ETV Bharat / state

মৃত্যুমুখৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিছে এখন অভয়াৰণ্যই - তাঁৰৰ বেৰ সংস্থাপনৰ ব্যৱস্থা

বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বৈদ্যুতিক বেৰ স্থাপনৰ ব্যৱস্থা কৰিছে বন বিভাগে । বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বনবিভাগে ৷

এখন অভয়াৰণ্যৰ নতুন যাত্ৰা
এখন অভয়াৰণ্যৰ নতুন যাত্ৰা
author img

By

Published : Oct 1, 2020, 8:57 PM IST

নগাঁও, 1 অক্টোবৰ : এসময়ৰ বিশ্ববিখ্যাত লাওখোৱা অভয়াৰণ্যৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে তথা এই অভয়াৰণ্যখন পুনৰ সজ্জীৱিত কৰাৰ বাবে গ্ৰহণ কৰিছে ন ন পদক্ষেপ ৷

বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বৈদ্যুতিক বেৰ স্থাপনৰ ব্যৱস্থা কৰিছে বন বিভাগে । বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বনবিভাগে ৷ বিগত সময়ছোৱাত জনাঞ্চললৈ বনাঞ্চলৰ জীৱ- জন্তুসমূহ প্ৰৱেশ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনাঞ্চলৰ সুৰক্ষাৰ অৰ্থে চ'লাৰ পদ্ধতিৰে বৈদ্যুতিক বেৰ সংস্থাপন কৰাৰ নিৰ্দেশ দিছিল ৷ অসমত বন্য প্ৰানী আৰু মানুহৰ মাজত ব্যাপক হাৰত বৃদ্ধি পোৱা সংঘাতে 2019 চনত 62 গৰাকী লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ বিপৰীতে হাতী মানুহৰ সংঘাতে প্ৰান কাঢ়িছে 63 টা হাতীৰ ৷

এখন অভয়াৰণ্যৰ নতুন যাত্ৰা

বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বৈদ্যুতিক বেৰ স্থাপনৰ যি ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থা কিমান ফলপ্ৰসূ হ’ব সেয়া এক লক্ষণীয় বিষয় ৷ কাৰণ বৈদ্যুতিক তাঁৰৰ বেৰৰ যি পদ্ধতি সেয়া জীৱশ্ৰেষ্ঠ মানুহখিনিয়েহে উপলব্ধি কৰিব পাৰিব ৷ কিন্তু জীৱ-জন্তুখিনিৰ বাবে এই এক প্ৰত্যাহ্বানমূলক ব্যৱস্থা ৷

শেহতীয়াকৈ লাওখোৱা অভয়াৰণ্যৰ লগতে অভয়াৰণ্যখনৰে সংলগ্ন হৈ থকা বুঢ়াচাপৰি অভয়াৰণ্যত বৃদ্ধি পাইছে বাঘ, হাতীকে ধৰি বিভিন্ন জীৱ-জন্তুৰ সংখ্যা । কিন্তু এই অভয়াৰণ্য দুখনৰ পৰা প্ৰায়েই জনাঞ্চললৈ হাতী,হৰিণা আদি বন্যপ্ৰাণী ওলাই যোৱা পৰিলক্ষিত হৈছে ৷ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে লাওখোৱা অভয়াৰণ্যৰ সীমান্তত আৰম্ভ কৰা হৈছে বৈদ্যুতিক তাঁৰৰ বেৰ সংস্থাপনৰ কাম । চ'লাৰ পদ্ধতিৰে সংস্থাপন কৰা হ’ব এই বেৰ ৷ ফলত জনাঞ্চললৈ ওলাই যাব নোৱাৰিব অভয়াৰণ্যৰ ভিতৰৰ জীৱ জন্তু । ইতিমধ্যেই তিনিকিলোমিটাৰ এলেকালৈ সম্পূৰ্ণ হৈছে বৈদ্যুতিক বেৰৰ কাম ৷

এশিঙীয়া গড়ৰ বাবে এসময়ৰ বিখ্যাত এই অভয়াৰন্যখনে ১৯০৬ চনতে কাজিৰঙাৰ লগতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছিল ৷ কিন্তু কাজিৰঙাৰ উত্থানৰ বিপৰীতে ৯০ ৰ দশকতে মৃত্যুৰ দিশে গতি কৰিছিল লাওখোৱা অভয়াৰণ্যই ৷ এটা সময়ত ৭০.০১ বৰ্গকিলোমিটাৰ এলেকা সামৰা লাওখোৱা অভয়াৰণ্যৰ লগতে ৪৪.৬ বৰ্গকিলোমিটাৰৰ বুঢ়াচাপৰি অভয়াৰণ্যত বহু মূল্যৱান গছ গছনিৰ লগতে গঁড়, হাতী, বাঘ আদি জীৱ জন্তুৰে ভৰপূৰ আছিল ।

ব্যৱসায়ীৰ কৱলত পৰি একপ্ৰকাৰ চৰণীয়া পথাৰলৈ পৰিণত হোৱা এই অভয়াৰণ্যখনে যেন পুনৰ মৃত্যুমুখৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিছে । বৃদ্ধি পোৱা জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বন বিভাগে গ্ৰহণ কৰিছে বৈদ্যুতিক তাঁৰৰ বেৰ সংস্থাপনৰ ব্যৱস্থা । এতিয়া এই ব্যৱস্থা কিমানদূৰ সফল হ’ব , তথা বনাঞ্চল আৰু জনাঞ্চলৰ সমস্যা কিমান দূৰলৈ সমাধান হ’ব সেয়াহে লক্ষণীয় হব ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে চাইবাৰ নিৰাপত্তা মাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.