ধিং,9 মে’ : ধিঙৰ লালিপথাৰত ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ নিহত লোকজনৰ নাম আবুল হাচেন ৷ জানিব পৰা মতে, শনিবাৰে বিয়লি লালিপথাৰৰ দুটা ফৈদৰ মাজত সংঘটিত হৈছিল এই ভূমিকেন্দ্ৰিক সংঘাত ৷ এই সংঘাতৰ ফলত থিতাতে নিহত হয় এজন লোক ।
এই ঘটনাত গুৰুতৰভাৱে আহত হয় মহিলা সহ দুই ফৈদৰ সাত-আঠজনকৈ লোক । ঘটনাত গুৰুতৰভাৱে আহত হয় আবুল হাচেন পত্নী সহ একে পৰিয়ালৰ আফিয়া খাতুন,ফাতেমা খাতুন আৰু ৰহিমা খাতুন ।
ইফালে, আনটো ফৈদৰ জোছনাৰা বেগম আৰু জালাল উদ্দিন সহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । আহত সকলক ইতিমধ্যে ধিঙৰ এফ আৰ ইউত ভৰ্তি কৰোৱা হৈছে । ইপালে,বৰ্তমানেও দুই ফৈদৰ পুৰুষ-মহিলাসহ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : মানুহক দেখুৱাবলৈ নহয় নিজৰ সুৰক্ষাৰ বাবেহে মাস্ক পৰিধান কৰক : টি পি ভূষাল