নগাঁও, 30 মে’: বটদ্ৰৱা কাণ্ডৰ লগত জড়িত আন এগৰাকী মহিলা অভিযুক্তই কৰিছে আত্মসমৰ্পণ ৷ নগাঁও সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিলে বটদ্ৰৱা কাণ্ডৰ লগত জড়িত মহিলাগৰাকীয়ে (Batadrava incident accused surrendered)। আত্মসমৰ্পণ কৰা মহিলাগৰাকীৰ নাম জ্যোৎস্নাৰা বেগম বুলি জানিব পৰা গৈছে ৷
বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’ ফুটেজসমূহত মহিলাগৰাকীয়ে বটদ্ৰৱা থানাৰ আৰক্ষীক প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছিল ৷ উল্লেখ্য যে, জ্যোৎস্নাৰা বেগমৰ ঘৰ বটদ্ৰৱাৰ শালনাবড়ীত । ঘটনাৰ পাছৰে পৰা ধিঙত আত্মগোপন কৰি আছিল জ্যোৎস্নাৰা বেগমে ৷
লগতে পঢ়ক: Master mind of Batadrava PS incident died: আশ্বিকুলৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে