ETV Bharat / state

কলিয়াবৰত উলহ-মালহেৰে আয়োজন শ্ৰীকৃষ্ণ জন্মাষ্টমী - জন্মাষ্টমী

ভগৱান শ্ৰীকৃষ্ণৰে কলিয়াবৰৰ আছে পুৰণি সম্পৰ্ক ৷ শ্ৰীকৃষ্ণই কুণ্ডিল নৃপতি ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণীক হৰণ কৰি আহি বৰ্তমানৰ কলিয়াবৰত কলীয়া বৰগছৰ তলত জিৰাই গৈছিল বুলি এক কিংবদন্তি প্ৰচলিত হৈ আহিছে । সেয়েহে কলিয়াবৰত উদযাপিত জন্মাষ্টমীৰো আছে যথেষ্ট তাৎপৰ্য ৷

A_KLBR_Aug_30_01_Krishna_Janmastami_at_Kaliabor_Vis_Bite_ASC10
কলিয়াবৰত উদযাপন শ্ৰীকৃষ্ণ জন্মাষ্টমী
author img

By

Published : Aug 30, 2021, 9:57 AM IST

Updated : Aug 30, 2021, 10:25 AM IST

কলিয়াবৰ, 30 আগষ্ট : আজি ভাদ মাহৰ পবিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী ৷ ক’ভিডৰ বাবে বাধ্য-বাধকতা থাকিলেও ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব জন্মাষ্টমী ৷ কলিয়াবৰতো আড়ম্বৰপূৰ্ণভাৱে নহ’লেও সাধাৰণভাৱেই ছ-অৰা সত্ৰৰ লগতে গাঁৱসমূহৰ নামঘৰ আৰু ঐতিহাসিক নৃসিংহ দেৱালয়, বাসুদেৱ দেৱালয়, দুলাল-মাধৱ দেৱালয়, সৌভাগ‍্য মাধৱ দেৱাল, গোপাল থান আদি দৌল-দেৱালয়ত পালন কৰা হ’ব জন্মাষ্টমী ৷

A_KLBR_Aug_30_01_Krishna_Janmastami_at_Kaliabor_Vis_Bite_ASC10
কলিয়াবৰত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আয়োজন

কলিয়াবৰৰ সৈতে আছে শ্ৰীকৃষ্ণৰ এক সুকীয়া সম্পৰ্ক । শ্ৰীকৃষ্ণই কুণ্ডিল নৃপতি ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণীক হৰণ কৰি আহি বৰ্তমানৰ কলিয়াবৰত কলীয়া বৰগছৰ তলত জিৰাই গৈছিল বুলি এক কিম্বদন্তি প্ৰচলিত হৈ আহিছে । আহোম যুগৰ ৰজা বাহৰ থকা বৰ্তমানৰ মিৰি-ভেটি গাঁৱত থকা এজোপা বৃহৎ বৰ গছক লৈ এই জনশ্ৰুতি পূৰ্বৰ পৰা চলি আহিছে ।

আহোম যুগত টাই-আহোম ভাষাত 'টুং-ৰুং-ডাম' অৰ্থাৎ ক'লা বৰ গছৰ ঠাইৰ পৰা কলিয়াবৰ হোৱা বুলিও বিশ্বাস । সেই বাবেই কলিয়াবৰত অতীতৰে পৰা গুৰুজনাৰ নীতি-আদৰ্শৰে প্ৰতিষ্ঠিত সত্ৰ-নামঘৰসমূহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভক্তিভাৱেৰে পালন হৈ আহিছে ।

ভগৱান শ্ৰীকৃষ্ণৰে কলিয়াবৰৰ আছে পুৰণি সম্পৰ্ক

অৱসৰপ্ৰাপ্ত শিক্ষক তথা কলিয়াবৰৰ এগৰাকী বুৰঞ্জীবিদ বিপুল চন্দ্ৰ ভট্টাচাৰ্যৰ মতে, কলিয়াবৰত উদ্ধাৰ হোৱা বিভিন্ন ঐতিহাসিক শিলালিপি, তাম্ৰফলি, সাঁচিপতীয়া পুথিত কৃষ্ণ-বট-গ্ৰাম বা নীল-বট-গ্ৰাম বুলি উল্লেখ পোৱা যায় । যাৰ অৰ্থ অনুযায়ী কলিয়া জিৰোৱা বৰ ৰূপে জনাজাত হৈ পৰে ৷ ইয়ে পাছলৈ হৈ পৰে কলিয়াবৰ ।

কলিয়াবৰত আয়োজন শ্ৰীকৃষ্ণ জন্মাষ্টমী

পূৰ্বে পবিত্ৰ ভাদ মাহত গুৰু দুজনাৰ তিথি আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীত গুৰু বিৰচিত অংকীয়া নাট সত্ৰ তথা নামঘৰসমূহত প্ৰদৰ্শিত হৈছিল । কিন্তু বৰ্তমান সময়ত এনে নাট-ভাওনাৰ লগতে অন্যান্য ধৰ্মীয় কাৰ্যসূচী হ্ৰাস পাইছে ৷ সেয়েহে ছ-অৰা সত্ৰৰ লগতে নামঘৰ, দৌল-দেৱালয়ৰে পৰিবেষ্টিত ঐতিহাসিক স্থানখনত পূৰ্বৰ পৰম্পৰাৰ পুনৰ প্ৰতিষ্ঠা হোৱাতো কলিয়াবৰৰ সচেতন মহলে কামনা কৰে ।

লগতে পঢ়ক : আৰ্থিক দৈন্যতাই কন্দুৱাইছে ৰিল লাইফৰ ‘চুৰেণ’ক...

Last Updated : Aug 30, 2021, 10:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.