ETV Bharat / state

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান

author img

By

Published : Aug 1, 2021, 9:19 AM IST

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে (NAGAON) জন্ম লগ্নৰে পৰাই কৃষক সমাজৰ উন্নতিৰ হকে বিশেষভাৱে কাম কৰি আহিছে । বিভিন্ন উন্নত জাতৰ ধান, সৰিয়হ, মাহজাতীয় শস্যৰ বীজৰ লগতে অন্যান্য ৰোপন সামগ্ৰী, বিশেষকৈ নেমু, জালুক, নাৰিকল, তামোল, উন্নত প্ৰজাতিৰ ঘাঁহ, কেচুসাৰ আদিৰ উপৰিও হাঁহ কুকুৰা আদি উৎপাদনৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৰ অৱদান অতুলনীয়। সেইবাবেই এই সন্মান প্ৰদান কৰা হৈছে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ৷

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান
নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান

চামগুৰি, 31 জুলাই : অসম কৃষি বিশ্ববিদ্যালয়ৰ (assam agricultural university) অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে কৃষি কৰ্ম আৰু আনুসংগিক ক্ষেত্ৰখনৰ গুণগত বীজ উৎপাদন আৰু যোগানৰ বাবে কৃষি প্ৰযুক্তি প্ৰয়োগীকৰণ আৰু গৱেষণা প্ৰতিষ্ঠান (ATARI -Zone-vi) ৬ নং মণ্ডলৰ দ্বাৰা ঘোষিত ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ সন্মান আঁজুৰি আনি জিলা খনৰ লগতে সমগ্ৰ ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে (NAGAON) জন্ম লগ্নৰে পৰাই কৃষক সমাজৰ উন্নতিৰ হকে বিশেষভাৱে কাম কৰি আহিছে । বিভিন্ন উন্নত জাতৰ ধান, সৰিয়হ, মাহজাতীয় শস্যৰ বীজৰ লগতে অন্যান্য ৰোপন সামগ্ৰী, বিশেষকৈ নেমু, জালুক, নাৰিকল, তামোল, উন্নত প্ৰজাতিৰ ঘাঁহ, কেচুসাৰ আদিৰ উপৰিও হাঁহ কুকুৰা আদি উৎপাদনৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৰ অবদান অতুলনীয় । এই উৎপাদিত সামগ্ৰী সমূহ নগাঁও জিলা উপৰিও ৰাজ্য খনৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্য অৰুণাচল, মিজোৰামৰ কৃষক সকলৰ মাজতো কেন্দ্ৰটোৱে নিৰ্ধাৰিত মূল্যৰ বিনিময়ত যোগান ধৰি আহিছে । কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ড৹ নিৰঞ্জন ডেকাৰ সুদক্ষ তত্বাৱধানত কেন্দ্ৰটোৰ সমূহ কৰ্মচাৰীৰ পূৰ্ণ সহযোগিতা আৰু প্ৰচেষ্টাৰ ফলতেই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলি ড৹ নিৰঞ্জন ডেকাই জানিবলৈ দিয়ে । উল্লেখ্য যে, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত বহল ভিত্তিত প্ৰদৰ্শন মূলক মাহজাতীয় শস্যৰ (ৰবি শস্য) বাবে শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ নীতি আয়োগৰ দ্বাৰা উক্ত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে সৰ্ব ভাৰতীয় ভিত্তিত ‘A’ গ্ৰেড কৃষি বিজ্ঞান কেন্দ্ৰ হিচাপে চিহ্নিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়কঃ অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.