ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Jul 10, 2020, 6:03 PM IST

কামপুৰত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

khilonjia sangrami oikyomancha protest demanding akhil gogoi free from jail kampur nagaon assam etv bharat news
খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ প্ৰতিবাদ

বঢ়মপুৰ,10 জুলাই: অখিল গগৈসহ অন্যান্য কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলৰ সু-চিকিৎসা আৰু বিনাচৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই । শুকুৰবাৰৰ দিনটোত সংগঠনটোৱে কামপুৰত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কণ্ঠ ৰোধৰ বাবে চৰকাৰে অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উত্থাপন কৰে ৷

খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ প্ৰতিবাদ

লগতে কাৰাবন্দী নেতাসকল কোনো অ-প্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’লে চৰকাৰ দায়ী হ’ব বুলি মন্তব্য প্ৰকাশ কৰে খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ সদস্যসকলে । ইয়াৰোপৰি শীঘ্ৰে কাৰাবন্দী নেতাসকলক চৰকাৰে মুক্তি নিদিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই ৷

লগতে চাওকঃ ৰাইজৰ গাঠিৰ ধনেৰে পুঠিমাৰী নৈক বাধা দিয়াৰ চেষ্টা গোৰেশ্বৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.