ETV Bharat / state

Khelo India Womens Athletics Competition: খেলো ইণ্ডিয়া এথলেটিকছত উজলিল কলিয়াবৰৰ অঙ্কিতা

author img

By

Published : Mar 11, 2023, 5:01 PM IST

খেলো ইণ্ডিয়া এথলেটিকছ প্ৰতিযোগিতা ২০২৩ত কলিয়াবৰৰ অঙ্কিতাৰ ৰূপৰ পদক অৰ্জন (Khelo India Athletics Competition 2023)। আনহাতে, অসম মহিলা ফুটবল দলৰ বাচনি শিৱিৰলৈ আমন্ত্ৰণ কলিয়াবৰৰ চিমি গগৈ আৰু দীপিকা গগৈ ।

Silver Medal of Kaliabor athelet in Khelo India Athletics
খেলো ইণ্ডিয়া এথলেটিকছ প্ৰতিযোগিতা

কলিয়াবৰ, ১১ মাৰ্চ: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত উজলিছে নগাঁও জিলাৰ কলিয়াবৰৰ তিনি কন্য়া । শেহতীয়াভাৱে গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া এথলেটিকছ প্ৰতিযোগিতা ২০২৩ত উজলিছে কলিয়াবৰৰ অঙ্কিতা শইকীয়াই (Khelo India Athletics Competition 2023 in Guwahati)। তেওঁ ১০০ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । আনহাতে,কলিয়াবৰৰ চিমি আৰু দীপিকা গগৈয়ে অসম মহিল ফুটবল দলৰ বাচনি শিৱিৰৰ বাবে নিৰ্বাচিত হৈছে (Silver Medal of Kaliabor athelet in Khelo India Athletics)।

গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অসম এথলেটিক এছ'ছিয়েচনৰ উদ‍্যোগত আয়োজিত খেল ইণ্ডিয়া ৱ'মেন এথলেটিকছ ২০২৩'প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয় (Assam Athletic Association)। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ খেলুৱৈগৰাকীয়ে নগাঁও জিলাৰ হৈ অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰে । তেওঁৰ এই সাফল্য়ত আনন্দ প্ৰকাশ কৰিছে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই (Kaliabor District Sports Association)। ইপিনে, কোকৰাঝাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত প্ৰশিক্ষণ লৈ থকা অঙ্কিতাৰ এই সফলতাই সমাগত অষ্টাদশ ৰাষ্ট্ৰীয় যুৱ এথলেটিকছ চেম্পিয়নশ্বিপত অসম দলত স্থান লাভ কৰাৰ বাট মুকলি কৰিলে ।

আনহাতে, কলিয়াবৰৰ দুই উদীয়মান মহিলা ফুটবলাৰ চিমি গগৈ আৰু দীপিকা গগৈ অসম মহিলা ফুটবল দলৰ বাচনি শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰিছে । কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্ভুক্ত দল ফ্ৰেণ্ডশ্বিপ ক্লাৱৰ হৈ অসমৰ কেইবাখনো মহিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ‍্য যে, শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল চিমিয়ে ।

এতিয়াও এখন মানসম্পন্ন খেলপথাৰৰ অভাৱৰ মাজতে সীমিত সা-সুবিধাৰে কলিয়াবৰৰ পৰা ৰাজ‍্যিক পৰ্যায়ত দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে তিনিওগৰাকী যুৱ খেলুৱৈৰ সফলতাই কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আনন্দিত কৰিছে । ইপিনে, জিলাখনত অনতি পলমে নিৰ্মীয়মান ডাঃ টি আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনখন সম্পূৰ্ণ হৈ উঠিব বুলি কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমীয়ে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Heated situation over an accident: দুৰ্ঘটনাক কেন্দ্ৰ কৰি মংগলদৈৰ মোৱামাৰীত উত্তপ্ত পৰিস্থিতি, ঘটনাস্থলীত গুলীচালনা

For All Latest Updates

TAGGED:

khelo india
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.