ETV Bharat / state

অসমৰ পৰ্যটনৰ নতুন সম্ভাৱনা কলিয়াবৰ! - কলিয়াবৰক আকৰ্ষণীয় পৰ্যটনথলীৰ ৰূপ দিয়াৰ প্ৰয়াস কলিয়াবৰ মহকুমা প্ৰশাসনৰ

কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান নতুন-ডাঙ্গা গাঁৱক "এথ্‌নিক ভিলেজ" ৰূপে গঢ় দিয়া হৈছে। য'ত বহিঃৰাজ‍্যৰ কেইবাটাও দলে প্ৰাকৃতিক পৰিৱেশত থলুৱা কাৰ্বি খাদ‍্য গ্ৰহণ কৰি আপ্লুত হৈছে। শেহতীয়াভাবে  ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে উক্ত গাঁওখন পৰিদৰ্শন কৰি গৈছে।

কলিয়াবৰক আকৰ্ষণীয় পৰ্যটনথলী
author img

By

Published : Nov 15, 2019, 11:39 PM IST

কলিয়াবৰ, 15 নৱেম্বৰ: কলিয়াবৰক পৰ্য‍টনৰ আকৰ্ষণীয় ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ পৰিকল্পনা বাস্তৱ ৰূপ দিয়াৰ বাবে পদক্ষেপ লৈছে মন্ত্ৰী কেশৱ মহন্তই ৷ শুকুৰবাৰে কলিয়াবৰ মহকুমা কাৰ্য‍ালয়ৰ সভাগৃহত উত্তৰ-পূৱৰ কেইবাটাও দেশ-বিদেশৰ পৰ্য‍টকৰ ভ্ৰমণ পৰিচালনা গোষ্ঠীৰ প্ৰতিনিধিৰ মাজত এক আলোচনা সভা অনুষ্ঠিত হয়।সভাত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক তথা জল সম্পদ তথা প্ৰত্নতত্ব বিভাগৰ বিশেষ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই ।

উক্ত সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সিংহভাগ অঞ্চল থকা কলিয়াবৰৰ বিভিন্ন আকৰ্ষণীয় পৰ্য‍টন ক্ষেত্ৰসমূহৰ বিষয়ে পৰিচালন গোষ্ঠীৰ প্ৰতিনিধিবৰ্গক অৱগত কৰা হয়। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ‍্য আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়া চাপৰি অভয়াৰণ‍্যৰ লগতে কলিয়াবৰৰ বিভিন্ন ঐতিহাসিক স্থান সমূহত থকা পৰ্য‍টনৰ গুৰুত্বসমূহৰ বিষয়ে পৰিচয় কৰা দিয়া হয়।

কলিয়াবৰ আকৰ্ষণীয় পৰ্যটনথলী

এই সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক পি. শিৱকুমাৰ আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ, বোকাখাট আৰু বিশ্বনাথ চাৰিআলিৰ বন বিষয়াৰ লগতে আন বিষয়াবৰ্গও উপস্থিত থাকে। জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ উদ‍্যোগক সাকাৰ ৰূপ দিবলৈ কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগৰ নেতৃত্বত প্ৰচেষ্টা অব্যাহত ৰাখিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। ইতিমধ‍্যে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত পৰ্য‍টকৰ বাবে হাতী চাফাৰী আৰু জীপ চাফাৰীৰ বাবে মুকলি কৰা হৈছে।

কাজিৰঙাৰ অন‍্যতম পৰ্য‍টন কেন্দ্ৰ বাগৰি জীপ চাফাৰী সন্থাৰে হোৱা আলোচনা মৰ্মে ইতিমধ‍্যে বহিঃৰাজ‍্যৰ পৰ্য‍টকে কলিয়াবৰৰ ঐতিহাসিক শিলঘাট পৰিদৰ্শন কৰে। কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান নতুন-ডাঙ্গা গাঁৱক "এথ্‌নিক ভিলেজ" ৰূপে গঢ় দিয়া হৈছে। য'ত বহিঃৰাজ‍্যৰ কেইবাটাও দলে প্ৰাকৃতিক পৰিৱেশত থলুৱা কাৰ্বি খাদ‍্য গ্ৰহণ কৰি আপ্লুত হৈছে। শেহতীয়াভাবে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে উক্ত গাঁওখন পৰিদৰ্শন কৰি গৈছে।

Intro:কলিযাবৰত পৰ্য‍্যটকৰ ভ্ৰমণ পৰিচালনা (Tour-Operator) গোষ্ঠীৰ সভা
লক্ষ‍্য কলিয়াবৰ পৰ্য‍্যটনৰ খৰতকীয়া বিকাশ

কলিয়াবৰৰ লাওখোৱা অভয়াৰণ‍্য আৰু বুঢ়া চাপৰি অভয়াৰণ‍্যক গুৰুত্বপূৰ্ণ পৰ্য‍্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰয়াস

জংগল ট্ৰেভেল্‌চকে ধৰি উত্তৰ-পূৱৰ শীৰ্ষ স্থানীয় ভ্ৰমণ পৰিচালনা গোষ্ঠীৰ প্ৰতিনিধিৰে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু মন্ত্ৰী কেশৱ মহন্তৰে গুৰুত্বপূৰ্ণ আলোচনা

কলিয়াবৰ মহকুমা প্ৰশাসন আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ প্ৰয়াসBody:এইবেলি কলিয়াবৰক পৰ্য‍্যটনৰ আকৰ্ষণীয় ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ পৰিকল্পনা বাস্তৱত ৰূপ দিয়াৰ চেষ্টাই এতিয়া এক গতি লাভ কৰিছে।

পৰ্য‍্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা কলিয়াবৰক ভাৰতৰ এক গুৰুত্বপূৰ্ণ পৰ্য‍্যটন ক্ষেত্ৰ হিচাবে গঢ় দিবলৈ লোৱা প্ৰৰম্ভিক পৰ্য‍্যায়ৰ কৰ্মসূচীত বিভিন্ন মহলৰ পৰা পোৱা সহযোগিতাই পৰ্য‍্যায়ক্ৰমে কলিয়াবৰক এক আকৰ্ষণীয় কেন্দ্ৰ ৰূপে গঢ় দিয়াৰ প্ৰয়াস সফল হোৱাৰ দিশে আগবাঢ়িছে।
আজি কলিয়াবৰ মহকুমা কাৰ্য‍্যলয়ৰ সভাগৃহত উত্তৰ-পূৱৰ কেইবাটাও দেশ-বিদেশৰ পৰ্য‍্যটকৰ ভ্ৰমণ পৰিচালনা গোষ্ঠীৰ প্ৰতিনিধিৰ মাজত এক আলোচনা সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক তথা জল সম্পদ তথা প্ৰত্নতত্ব বিভাগৰ বিশেষ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। সভাত বাশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সিংহভাগ অঞ্চল থকা কলিয়াবৰৰ বিভিন্ন আকৰ্ষণীয় পৰ্য‍্যটন ক্ষেত্ৰসমূহৰ বিষয়ে পৰিচালন গোষ্ঠীৰ প্ৰতিনিধিবৰ্গক অৱগত কৰা হয়। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ‍্য আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়া চাপৰি অভয়াৰণ‍্যৰ লগতে কলিয়াবৰৰ বিভিন্ন ঐতিহাসিক স্থান সমূহত থকা পৰ্য‍্যটনৰ গুৰুত্বসমূহৰ বিষয়ে পৰিচয় কৰা দিয়া হয়। আজিৰ সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক পি. শিৱকুমাৰ আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ, বোকাখাট আৰু বিশ্বনাথ চাৰিআলিৰ বন বিষয়াৰ লগতে আন বিষয়াবৰ্গও উপস্থিত থাকে।

জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ উদ‍্যোগক সাকাৰ ৰূপ দিবলৈ কলিয়াবৰৰ মহকুমাধপতি বিতুপন নেওগৰ নেতৃত্বত উঠি পৰি লাগিছে কলিয়াবৰ মহকুমা প্ৰশাসন।

ইতিমধ‍্যে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলক পৰ্য‍্যটকৰ বাবে হাতী চাফাৰী আৰু জীপ চাফাৰীৰ বাবে মুকলি কৰা হৈছে।

কাজিৰঙাৰ অন‍্যতম পৰ্য‍্যটন কেন্দ্ৰ বাগৰি জীপ চাফাৰী সন্থাৰে হোৱা আলোচনা মৰ্মে ইতিমধ‍্যে বহিঃৰাজ‍্যৰ পৰ্য‍্যটকে কলিয়াবৰৰ ঐতিহাসিক শিলঘাট পৰিদৰ্শন কৰিছেহি।

কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান নতুন-ডাঙ্গা গাঁৱক "এথ্‌নিক ভিলেজ" ৰূপে গঢ় দিয়া হৈছে। য'ত বহিঃৰাজ‍্যৰ কেইবাটাও দলে প্ৰাকৃতিক পৰিৱেশত থলুৱা কাৰ্বি খাদ‍্য গ্ৰহণ কৰি আপ্লুত হৈছে। ফ্ৰান্সৰ ৰাষ্ট্ৰদূতেই উক্ত গাঁওখন পৰিদৰ্শন কৰি সৌস্থৱ বঢ়াইছে।
উল্লেখযোগ‍্য যে, আলোচনাৰ অন্তত প্ৰতিনিধি দলটোৱে বুঢ়া চাপৰি অভয়াৰণ‍্য পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। লগতে পৰ্য‍্যটক অনাৰো প্ৰতিশ্ৰুতি দিয়ে।Conclusion:visuals
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.