ETV Bharat / state

লাওখোৱাত খহনীয়া ৰোধৰ বাবে 30 কোটি টকীয়া আঁচনি ঘোষণা কেশৱ মহন্তৰ

ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ লৈ লাওখোৱাৰ মূল মাথাউৰি সুৰক্ষিত কৰাৰ লগতে বান গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে সৰ্বমুঠ ৩০কোটি টকাৰ তিনিখনকৈ নতুন আঁচনি ঘোষণা কৰে।

author img

By

Published : Jul 18, 2019, 12:22 PM IST

মন্ত্ৰী কেশৱ মহন্ত

নগাঁও,18 জুলাইঃ চামগুৰিৰ লাওখোৱাত বুধবাৰে বিয়লি উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। লাওখোৱাত উপস্থিত হৈ শান্তি বজাৰ আৰু ১নং ভুৰবন্ধাৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ লৈ লাওখোৱাৰ মূল মাথাউৰি সুৰক্ষিত কৰাৰ লগতে বান গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে সৰ্বমুঠ ৩০কোটি টকাৰ তিনিখনকৈ নতুন আঁচনি ঘোষণা কৰে।

মন্ত্ৰী কেশৱ মহন্ত

চামগুৰিৰ লাওখোৱাৰ বানপীড়িত অঞ্চলত বুধবাৰে নিশা পৰ্যন্ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰে । ইয়াৰোপৰি বুঢ়াচাপৰি অভয়াৰণ্যসহ শোণিতপুৰ জিলাৰ দক্ষিণ পাৰত অৱস্থিত ধনীয়া গাঁৱৰো বান গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি নিকটৱৰ্তী শোণিতপুৰ জিলাৰ দক্ষিণ পাৰৰ বান গৰাখহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পূৰ্বৰে পৰা বন বিভাগে বিধিপথালি দি আহিছিল বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷

উল্লেখ্য যে বিগত 7 দিন ধৰি চামগুৰিৰ লাওখোৱাৰ বিভিন্ন অঞ্চলত বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰি আহিছিল ৷

Intro:লাওখোৱাৰ বান গৰাখনীয়া প্ৰতিৰোধৰ বাবে 30 কোটি টকাৰ পেকেজ ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ। নিশা পৰ্যন্ত ললে বান পৰিস্থিতিৰ বুজ। বান পৰিস্থিতি কিছু উন্নত হোৱাৰ সময়তহে গৃহ জিলাৰ বানাক্ৰান্তৰ কাষত কেশৱ মহন্ত। Body:চামগুৰিৰ লাওখোৱাত বুধবাৰে বিয়লি উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। চামগুৰিৰ লাওখোৱাৰ বৃহত্তৰ বানপীড়িত অঞ্চলত বুধবাৰে নিশা পৰ্যন্ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ বানক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বান পৰিস্থিতিও বুজ লয় মন্ত্ৰী গৰাকীয়ে। বিগত সাত দিন ধৰি চামগুৰিৰ লাওখোৱাৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি অব্যাহত আছিল যদিও বান পৰিস্থিতি জটিল হৈ থকাৰ সময়ত লাওখোৱাৰ বানপীড়িত কাষত উপস্থিত হবলৈ সময় নোপোৱা মন্ত্ৰী কেশৱ মহন্ত অৱশেষত লাওখোৱা অঞ্চলত পানী কমাৰ পাছতহে উপস্থিত হোৱাৰ কেন্দ্ৰ কৰি সম্প্ৰতি তুমুল চৰ্চা চলিছে বন্যাৰ্তৰ মাজত। লাওখোৱাত উপস্থিত হৈ শান্তি বজাৰ আৰু ১নং ভুৰবন্ধাৰ বানক্ষতিগ্ৰস্ত ৰাইজৰ দুখ-দুৰ্দশাৰ খৱৰ লৈ লাওখোৱাৰ মূল মাথাউৰি সুৰক্ষিত কৰাৰ লগতে বান গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে সৰ্বমুঠ ৩০কোটি টকাৰ তিনিখনকৈ নতুন আচঁনি ঘোষনা কৰে। ইয়াৰোপৰি বুঢ়াচাপৰি অভয়াৰণ্যসহ শোণিতপুৰ জিলাৰ দক্ষিণ পাৰত অৱস্থিত তথা সদায় প্ৰশাসন আৰু চৰকাৰৰ পৰা অৱহেলিত হৈ অহা ধনীয়া গাঁৱৰো বান গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি নিকটৱৰ্ত্তী শোণিতপুৰ জিলাৰ দক্ষিণ পাৰৰ বান গৰাখহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পূৰ্বৰে পৰা বন বিভাগে বিধিপথালি দি আহিছিল বুলি মন্ত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ লগতে আনাগত খৰালিৰ দিনত সংশ্লিষ্ট সকলো কেইটা বিভাগ একত্ৰিত হৈ পৰ্যালোচনা ক্ৰমে শীঘ্ৰে বৃহত্তৰ অঞ্চলটো উদ্ধাৰৰ ব্যৱস্থা কৰা হব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই। আনহাতে বৃহত্তৰ লাওখোৱা অঞ্চলত বানপানীৰ থকা পৰ্যন্ত নিৰিখমতেই বানসাহাৰ্য্যৰ লগতে শিশু আৰু পশু খাদ্য প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
Bite: Keshab Mahanta
------------------------------------------------
ৰকিবুল ওৱাহিদ নগাওঁ
18-7-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.