ETV Bharat / state

পাঁচ সহস্ৰাধিক দৌৰবিদৰ অংশগ্ৰহণৰে ২৪ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন

অৰুণাচল প্ৰদেশত অহা ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় মাৰাথন । পূৰ্ণ গতিত চলিছে প্ৰস্তুতি ।

author img

By ETV Bharat Sports Team

Published : 2 hours ago

International Tawang Marathon to be held on October 24
২৪ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন (ETV Bharat Assam)

তেজপুৰ: সূৰ্য উদয় হোৱা ৰাজ্য অৰুণাচল প্ৰদেশত অহা ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় মাৰাথন । পাহাৰীয়া ৰাজ্যখনত স্বাস্থ্যসন্মত পৰিৱেশত অনুষ্ঠিত হ’ব দ্বিতীয় টাৱাং আন্তঃৰাষ্ট্ৰীয় মাৰাথন । এতিয়া অপেক্ষা মাত্ৰ ৭ দিন ।

১০,০০০ ফুটৰ পৰা ১৪,০০০ ফুট উচ্চতাত অৱস্থিত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাক উত্তৰ-পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড বুলিও অভিহিত কৰা হয় । এই মনোৰম স্থানতে ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশ চৰকাৰে যৌথভাৱে আয়োজন কৰিছে ‘কুইন অৱ হাই এলটিটুড ৰাণ’ৰ ।

International Tawang Marathon to be held on October 24
আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনৰ প্ৰস্তুতি (ETV Bharat Assam)

শুকুৰবাৰে এই সন্দৰ্ভত এক তথ্য প্ৰকাশ কৰে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে । তেওঁ কয়,"২০২৩ত এই মাৰাথনৰ উদ্বোধনী সংস্কৰণৰ বৃহৎ সফলতাৰ পিছত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে চাৰি জুলাইত 'টাৱাং মাৰাথন'ক আন্তঃৰাষ্ট্ৰীয় কেলেণ্ডাৰৰ বাৰ্ষিক অনুষ্ঠান হিচাপে ঘোষণা কৰে ।

যিটো দেশৰ সেনা আৰু অসামৰিক প্ৰশাসনে যৌথভাৱে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে ২৪ অক্টোবৰ তাৰিখটো নিৰ্দিষ্ট কৰা হয় ।"

টাৱাং ষ্টেডিয়ামক ইতিমধ্যে সুন্দৰকৈ সজাই তুলি এই ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰিবলৈ সাজু কৰা হৈছে । উল্লেখযোগ্য যে, এই মাৰাথন দৌৰ কাৰ্যসূচীত সম্পূৰ্ণ আৰু অৰ্দ্ধ মাৰাথন, দহ আৰু পাঁচ কিলোমিটাৰ দৌৰত পাঁচ সহস্ৰাধিক দৌৰবিদে অংশগ্ৰহণ কৰিব ।

এই প্ৰতিযোগিতাত মুঠ পুৰস্কাৰ ৬০ লাখ টকাৰ অধিক বুলিও প্ৰকাশ কৰা হৈছে । টাৱাং মাৰাথনৰ ৱেবছাইট www.tawangmarathon যোৱা ১০ জুলাইত মুকলি কৰা হয় আৰু ইতিমধ্যে সীমান্ত চহৰত অনুষ্ঠিত হ’বলগীয়া এই ৰোমাঞ্চকৰ অনুষ্ঠানটোৰ বাবে চাৰে চাৰি হেজাৰৰো অধিক দৌৰবিদে নাম পঞ্জীয়ন কৰিছে ।

এই বৃহৎ আয়োজনৰ প্ৰচাৰৰ বাবে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীৰ জৰিয়তে কেৱল এই দৌৰবিধকে জনপ্ৰিয় কৰা নহয়, বছৰজুৰি পৰ্যটনৰ লগতে পাহাৰীয়া ক্ৰীড়া আৰু দুঃসাহসিক অভিযানকো এক উল্লেখযোগ্য মাত্ৰা প্ৰদানৰ প্ৰয়াস কৰা হৈছে । এইবাৰ বহু প্ৰত্যাশিত ‘মাউণ্টেন ৰাণ’ৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ছেপ্টেম্বৰৰ প্ৰথম ভাগতে ।

লগতে পঢ়ক: জটিলতাত অৰুণাচলৰে অসমৰ সীমা বিবাদ: চুক্তি হ'ল কিন্তু সমাধান নহ'ল সমস্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.