ETV Bharat / state

যুৱতী-বোৱাৰীৰ অভিনয়েৰে নগাঁৱত কেলিগোপাল নাট মঞ্চস্থ

দেওবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে ৰাস উৎসৱ ৷ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে ৰাজ্যৰ সত্ৰ আৰু নামঘৰ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ন-মাটিত অনুষ্ঠিত হৈছে ৰাস উৎসৱৰ কাৰ্যসূচী ৷ কাৰ্যসূচীৰ অংশ হিচাবে যুৱতী-বোৱাৰীৰ অভিনয়েৰে মঞ্চস্থ হ’ল কেলিগোপাল নাটখন ৷

author img

By

Published : Dec 1, 2020, 6:15 PM IST

যুৱতী-বোৱাৰীৰ অভিনয়েৰে নগাঁৱত কেলিগোপাল নাট মঞ্চস্থ
যুৱতী-বোৱাৰীৰ অভিনয়েৰে নগাঁৱত কেলিগোপাল নাট মঞ্চস্থ

চামগুৰি, 1 ডিচেম্বৰ: ৰাস উৎসৱ উপলক্ষে কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ আৰু নামঘৰ ৷ ৰাস উৎসৱ উপলক্ষে দেওবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন সত্ৰ আৰু নামঘৰত ক'ভিড-19 প্ৰট'কল ৰক্ষা কৰি ৰাস অনুষ্ঠিত হৈছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাওঁ জিলাৰ পশ্চিমাঞ্চলত অৱস্থিত ন-মাটি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস উৎসৱ আৰম্ভ হৈছে ৷

ৰাস উৎসৱ উপলক্ষে নগাঁৱত কেলিগোপাল নাট মঞ্চস্থ

ন-মাটিৰ যুৱক যুৱতী সকলৰ প্ৰচেষ্টাত এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস উৎসৱ পালন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেই উপলক্ষে গাঁৱৰ যুৱতী বোৱাৰী সকলৰ অভিনয়েৰে মঞ্চস্থ কৰা হয় কেলিগোপাল নাটখনি ৷ উল্লেখ্য যে নগাঁও জিলাৰ পশ্চিমাঞ্চল অৱস্থিত এই ন-মাটি গাঁৱত বিগত 49 বছৰ ধৰি ৰাস অনুষ্ঠিত হৈ আহিছে ৷
লগতে পঢ়ক:কা বাতিল,মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.