ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানঃ সষ্টম বনৰক্ষী

author img

By

Published : Jul 1, 2020, 12:10 PM IST

Updated : Jul 1, 2020, 12:57 PM IST

বানৰ কঠিন সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱ-কূলক সুৰক্ষা দিবলৈ সষ্টম ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সাজু বন বিভাগ,বোকাখাট আৰু কলিয়াবৰ মহকুমা প্ৰশাসন,আৰক্ষী প্ৰশাসন,গাঁওৰক্ষী বাহিনী,ইক ডেভেলপমেণ্ট কমিটি,স্বেচ্ছসেৱী সংস্থা তথা উদ‍্যানখনৰ দাঁতি-কাষৰীয়া বাসিন্দাসকল ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানঃ সষ্টম বনৰক্ষী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানঃ সষ্টম বনৰক্ষী

কলিয়াবৰ,1 জুলাইঃ বিশ্ব ঐতিহ‍্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান এতিয়া বানৰ কবলত। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ‍্যানখন নব্বৈ শতাংশ জলমগ্ন। কালি বতৰ ফৰকাল হোৱাৰ বাবে জলস্তৰ কমিছে যদিও,কাজিৰঙাৰ জীৱকূলৰ বাবে বিপদ এতিয়াও কমা নাই। ৰাষ্ট্ৰীয় উদ‍্যানখনৰ মাজত থকা উচ্চ ভূমিৰ লগতে কাষৰীয়া কাৰ্বি-আংলঙৰ পাহাৰলৈ গতি কৰিছে পহু,হাতীকে ধৰি অনান‍্য জীৱ-জন্তু। অৱশ‍্যে কাজিৰঙাৰ পৰা গঁড় ৰাষ্ট্ৰীয় পথ পাৰ হৈ কাৰ্বি-পাহাৰলৈ যোৱা নাই বুলি ৰাষ্ট্ৰীয় উদ‍্যানৰ কৰ্তৃপক্ষই জনাইছে।

KAZIRANGA NATIONAL PARK LATEST FLOOD SITUATION ETV BHARAT ASSAM
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰ জলমগ্ন

বানৰ কঠিন সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱ-কূলক সুৰক্ষা দিবলৈ সষ্টম ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সাজু বন বিভাগ, বোকাখাট আৰু কলিয়াবৰ মহকুমা প্ৰশাসন,আৰক্ষী প্ৰশাসন,গাঁওৰক্ষী বাহিনী,ইক ডেভেলপমেণ্ট কমিটি,স্বেচ্ছসেৱী সংস্থা তথা উদ‍্যানখনৰ দাঁতি-কাষৰীয়া বাসিন্দাসকল ।

উদ‍্যানখনৰ বিষয়া-কৰ্মচাৰী, বনৰক্ষীসকলে বানৰ সময়ছোৱাত দিনে-নিশাই কৰ্তব‍্যত নিয়োজিত হৈ আছে যাতে জীৱ-জন্তুৰ হানি-বিঘিনি নহয়। ৩৭নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ‍্যে দিন-ৰাতি সমানে "টাইম কাৰ্ড"ৰ ব‍্যৱহাৰ কৰিছে। তদুপৰি,মেছিন নাও,হাত নাৱৰ জৰিয়তে বনৰক্ষীয়ে দিনে-নিশাই কাজিৰঙাৰ অন্তৰ্ভাগত তহল দি জীৱকূল ৰক্ষাৰ বাবে তৎপৰ হৈ আছে। কোনো কাৰণতে যাতে গঁড় চিকাৰীয়ে বানৰ সুবিধা ল'ব নোৱাৰে তাৰ বাবেও সষ্টম কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ । তাৰ মাজতে বানৰ কৱলত দুৰ্ভাগ‍্যজনকভাৱে এটা গঁড় আৰু তেৰটা সুগৰী পহুৰ মৃত‍্যু হৈছে।

বানত প্লাৱিত কাজিৰঙাৰ অভ্যন্তৰৰ এটা দৃশ্য

লগতে চাওকঃ জম্মুৰ ত্ৰাল অঞ্চলত বিগত ২৪ ঘণ্টাত দ্বিতীয়টো গুলীবৰ্ষণৰ ঘটনা

Last Updated : Jul 1, 2020, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.