বঢ়মপুৰ,25 ডিচেম্বৰ : নগাঁৱৰ কামপুৰত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ ৩৯৪ তম তিৰোভাৱ তিথি ৷ কামপুৰ ঘিলানীত গড়পৰা সমাজৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় গুৰিজনাৰ তিৰোভাৱ তিথি ৷

প্ৰথম দিনৰ কাৰ্যসূচীত ভক্তি মংগল ঘোষা শাস্ত্ৰ পাঠ আৰু ব্যাখ্যাৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ আনহাতে, শুকুৰবাৰে পুৱাই এক বিশাল ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাত অঞ্চলটোৰ পুৰুষ-মহিলা, যুৱক-যুৱতী, শিশু-বৃদ্ধ সকলোৱে অংশ লয় ৷
লগতে পঢ়ক :সৰুক্ষেত্ৰী সমষ্টিৰ অগপ প্ৰাৰ্থী হ’ব নেকি কল্পনা পাটোৱাৰী !