ETV Bharat / state

আমাৰ নেতা : আজিৰ সমষ্টি বঢ়মপুৰ ! প্ৰতিবেদন-2

author img

By

Published : Sep 17, 2019, 7:38 AM IST

Updated : Sep 17, 2019, 10:28 AM IST

1987 চনত নগাঁৱৰ কামপুৰত স্থাপন হৈছিল অসমৰ প্ৰথমটো সমবায় চেনীকল ৷ প্ৰথমাৱস্থাত পূৰ্ণোদ্যমে চেনী উৎপাদন কৰা এই উদ্যোগটো কিন্তু ধৰি ৰাখিব নোৱাৰিলে চৰকাৰে ৷ 1998 চনৰ পৰাই ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰা চেনীকলটো অৱস্থা বৰ্তমান তথৈবচ ৷ চেনীকলটো হঠাৎ বন্ধ হৈ পৰাত তাত কৰ্মৰত কৰ্মচাৰী সকল দিশহাৰা হৈ পৰে  ৷

আমাৰ নেতা : আজিৰ সমষ্টি বঢ়মপুৰ !

নগাঁও, চেপ্তেম্বৰ 17 : প্ৰফুল্ল মহন্তৰ সময়তেই 1987 চনত নগাঁৱৰ কামপুৰত স্থাপন হৈছিল অসমৰ প্ৰথমটো সমবায় চেনীকল ৷ প্ৰথমাৱস্থাত পূৰ্ণোদ্যমে চেনী উৎপাদন কৰা এই উদ্যোগটো কিন্তু ধৰি ৰাখিব নোৱাৰিলে চৰকাৰে ৷ 1998 চনৰ পৰাই ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰা চেনীকলটোৰ অৱস্থা বৰ্তমান তথৈবচ ৷ চেনীকলটো হঠাৎ বন্ধ হৈ পৰাত তাত কৰ্মৰত কৰ্মচাৰীসকল দিশহাৰা হৈ পৰে ৷ কিন্তু এই কৰ্মচাৰীসকলৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰ তথা স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই ৷ প্ৰফুল্ল মহন্তৰ কাৰ্যকালত চেনীকলটোৰ কৰ্মচাৰীসকল প্ৰায়েই উগ্ৰপন্থীৰ ভাবুকিৰ সন্মুখীন হ'ব লগাত পৰিছিল ৷ যাৰ ফলত ক্ৰমান্বয়ে কুঁহিয়াৰৰ যোগান বন্ধ হৈ পৰাত অচল হৈ পৰে চেনীকলটো ৷ আনহাতে চেনীকল বন্ধ হোৱাৰ পাচতো নিজৰ প্ৰাপ্য বিচাৰি আজিও আদালতলৈ তাঁত-বাটি কাঢ়িব লগীয়া হৈছে একাংশ কৰ্মচাৰীয়ে ৷ কিন্তু এই সন্দৰ্ভত যেন কোনো ভ্ৰূক্ষেপ নাই বিধায়ক মহন্তৰ ৷

আমাৰ নেতা : আজিৰ সমষ্টি বঢ়মপুৰ !
প্ৰফুল্ল মহন্তই স্থাপন কৰা বঢ়মপুৰ দুই নং আদৰ্শ গাঁৱৰ অৱস্থাও অকল্পনীয় ৷ আদৰ্শ গাঁও হিচাপে থাকিব লগীয়া বহু সুবিধাই নাই গাঁওখনত ৷ ৰাস্তা-ঘাটৰ পৰা খোৱা পানীলৈকে সকলো ব্যৱস্থাই উন্নত নহয় মহন্তৰ আদৰ্শ গাঁৱত ৷ ত্ৰিশ বছৰত প্ৰফুল্ল মহন্তৰ কৰ্মসূচীত বঢ়মপুৰ সমষ্টিত উন্নয়নতকৈ অধিক দুৰৱস্থাহে পৰিলক্ষিত হয় ৷ কিন্তু তাৰ পাচতো প্ৰফুল্ল মহন্ত এই সমষ্টিত জয়ী হৈ থকাতো আশ্চৰ্যজনক ৷ যুৱপ্ৰজন্মই প্ৰফুল্ল মহন্ত এক প্ৰকাৰ ব্যৰ্থ বুলি কোৱাৰ বিপৰীতে দেখা গৈছে যে এতিয়াও প্ৰায় 70 শতাংশ লোকে সমষ্টিটোত সমৰ্থন কৰি আহিছে বিধায়কগৰাকীক ৷ আনহাতে, বিৰোধী দল কংগ্ৰেছে দুবাৰকৈ বঢ়মপুৰত সুৰেশ বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে যদিও আঘাত হানিব পৰা নাই মহন্তৰ দূৰ্গত ৷

Intro:বিগত ৩০ টা বছৰে বঢ়মপুৰবাসীয়ে বিধানসভালৈ নিৰ্বাচিত কৰি আহিছে অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক। মুখ্যমন্ত্ৰীৰ গাদীও দখল কৰিলে বঢ়মপুৰ সমষ্টিৰ পৰা। কিন্তু ৩০ বছৰে বঢ়মপুৰবাসীক কি দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। কিমান উন্নয়ন হৈছে মহন্তৰ সমিষ্টি বঢ়মপুৰত। কি কয় যুৱ প্ৰজন্মই, কি কয় সাধাৰণ লোক, বৃদ্ধ বৃদ্ধাই। বাৰে বাৰে কিয় জয়ী হয় মহন্ত। প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ পৰা ই টি ভি ভাৰতৰ ৰিপৰ্ট ইন ডেপ্ত।

Body:বঢ়মপুৰ সমষ্টি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। যেন এক দীঘলীয়া সম্পৰ্ক। পাঁচ বছৰ দহ বছৰ নহয়, বিগত প্ৰায় ৩০ বছৰ ধৰিয়েই বঢ়মপুৰবাসীয়ে অসম বিধানসভালৈ নিৰ্বাচিত কৰি আহিছে আঞ্চলিক দল অগপৰ প্ৰতিস্থাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক। কিন্তু আমি দেখুৱাম মহন্তই কি দিলে বঢ়মপুৰবাসীক।
প্ৰথমেই মন এইখন জৰাজীৰ্ণ কাঠৰ দলঙলৈ। এক প্ৰকাৰ মিণফান্দলৈ পৰিণত কাঠৰ দলংখন আছে বঢ়মপুৰ সমষ্টিৰ কাষৰীগাঁৱত। উজনিমুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেবাখনো গাঁৱলৈ যোৱা এই দলংখন পকীকৰণ কৰিবলৈ দাবী জনায় আহিছে দীর্ঘদিনৰ পৰাই। দৈনিক পাঁচ শতাধিক লোক, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যাতায়ত কৰা এই দলংখন পকীকৰণ দূৰৈৰে কথা মেৰামতি পৰ্য্যন্ত কৰিবলৈ যেন আহৰি নাই বিভাগীয় কতৃপক্ষৰ। কাণসাৰ নাই ৩০ বছৰ ধৰি ধাৰাবাহিকভাৱে প্ৰতিনিধিত্ব কৰা বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ। যাৰ বাবে উপায়ন্তৰ গঞাই বাঁহেৰে নিজেই মেৰামতি কৰি আহ যাহ কৰে দলংখনেৰে। এইবাৰ চাওক পুৰণিগুদামৰ পৰা চাপানলালৈ যোৱা এইটো পথৰ দুৰৱস্থা। সম্পূৰ্ণ পথছোৱাৰ কিছু অংশ পকীকৰণ কৰা হৈছে যদিও বহু অংশৰ অৱস্থা এতিয়া শোচনীয়। সামান্য বৰষুণ হলেই পথছোৱাৰে যাতায়ত কৰিব নোৱাৰে পথচাৰী, ছাত্ৰ ছাত্ৰী। পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। প্ৰায়েই সংঘটিত হয় দুর্ঘটনা। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চাপনলালৈ যোৱা পথৰ এই দুৰৱস্থাই এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ লোকক। পৰ্য্যটকৰ কেন্দ্ৰস্থল চাপনলাৰ জলপ্ৰপাত চাবলৈ নতুন বছৰত ভিৰ কৰে বহু দেশী বিদেশী পৰ্যটকে। কিন্তু বিশেষকৈ পথৰ এনে দুৰৱস্থাৰ বাবেই দিনক দিনে হ্ৰাস পাইছে পৰ্য্যটকৰ সংখ্যা। একেই অৱস্থা বঢ়মপুৰলৈ যোৱা পথছোৱাৰো। মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত পথৰ মাজত। যাতায়তৰ দুৰস্থাক লৈ এতিয়া অতিষ্ঠ বঢ়মপুৰৰ সাধাৰণ লোক।
bite- 1
vo- এইবাৰ দেখুৱাইছে নগাঁও সমবায়ৰ অধীনৰ কামপুৰ চেনিকল। প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনতে স্থাপিত এইখন কামপুৰ চেনীকলৰ মৃত্যু যাত্ৰাও আৰম্ভ হৈছিল মহন্ত চৰকৰৰ দিনৰ পৰাই। দ্বীতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ গাদীত বহা প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বীতীয়টো কাৰ্য্যকালতে মৃত্যুৰ দিশে গতি কৰা কামপুৰ চেনীকল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত। মহন্ত চৰকাৰৰ কাৰ্য্যকালত চেনিকলটোলৈ মূল সমস্যা হিচাপে দেখা দিছিল উগ্ৰপন্থীৰ ভয়াবহতাই। ধন দাবী কৰি চেনিকলৰ কৰ্মচাৰীক বিদ্ৰোহী সংগঠনে ভীতিগ্ৰস্ত কৰাৰ বিস্ফোৰক অভিযোগ খোদ চেনিকলটোৰ কৰ্মচাৰীৰ। উগ্ৰপন্থী ভয়াবহতাৰ বাবে ক্ৰমান্বয়ে কুঁহিয়াৰৰ যোগান বন্ধ হৈ পৰিছিল চেনিকলটোলৈ। চেনিকল বন্ধ হোৱাৰ ইয়ো এক অন্যতম কাৰণ বুলি দাবী কৰ্মচাৰীৰ।
bite, 2, আৰু আনজন কৰ্মচাৰীৰ পৰা কাটিব পাৰি।
voচেনিকল বন্ধ হোৱাৰ পিছতো নিজৰ প্ৰাপ্য বিচাৰি ন্যায়ালয়ৰ কাষ চাপিব লগীয়া হৈছিল বহু কৰ্মচাৰী। আজিও প্ৰাপ্য বিচাৰি ন্যায়ালয়তে যুঁজিবলগীয়া হৈছে চেনিকলটোৰ বহু কৰ্মচাৰীয়ে।
bite- 2, 3
vo- এইবাৰ চাওক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গৃহ সমষ্টি বঢ়মপুৰৰ এখন আদৰ্শ গাওঁ। এইখন বঢ়মপুৰ আদৰ্শ গাওঁ। একাধিক সমস্যাত ভাৰাক্ৰান্ত মহন্তৰ সমষ্টিৰ আদৰ্শ গাঁৱৰ বাসিন্দা। সাধাৰণতে আদৰ্শ গাওঁ বুলিয়েই হয়তো আপোনাৰ মনলৈ আহে এখন জাকত জিলিকা গাওঁ। কিন্তু সম্পূৰ্ণ বিপৰীত মহন্তৰ সমষ্টিৰ আদৰ্শ গাওঁ। গাঁওখনত ই টি ভি ভাৰতৰ সাংবাদিক উপস্থিত হোৱাৰ লগেই ওলাই আহিল বহুজন। ওলাই আহিল এগৰাকী আইতাও। অভিযোগ একাধিক। গাঁওখনত এখন পানী যোগান আঁচনি আছে যদিও সকলো গাওঁবাসীয়ে নাপায় বিশুদ্ধ খোৱা পানীৰ যোগান। বহু পৰিয়ালে লাভ কৰা নাই আবাসগৃহ অথবা চৰকাৰী কোনো সাহাৰ্য্য। বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি মিত্ৰজোত চৰকাৰে সমগ্ৰ ৰাজ্যতে চমক সৃষ্টি কৰাৰ সময়তো মহন্তৰ সমষ্টিৰ আদৰ্শ গাঁৱৰ ৰাইজ বঞ্চিত চৰকাৰী সকলো আঁচনিৰ পৰাই। শুনক গাওঁবাসীৰ মুখেৰেই।
bite, 4, 5
vo- এইবাৰ চাওক আন এক দৃশ্য। এয়া বঢ়মপুৰ শ্বহীদ উদ্যানৰ সমীপৰ শ্বহীদ ভৱনৰ দৃশ্য। একপ্ৰকাৰ গোহালিত পৰিণত হৈছে শ্বহীদ ভৱন। ১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামত চাৰিগৰাকীকৈ শ্বহীদ হোৱা বঢ়মপুৰত শ্বহীদ ভৱনৰ ৰূপ অতি কদৰ্য। সভাই সমিতিয়ে শ্বহীদৰ কথা কোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমিষ্টিৰ শ্বহীদ ভৱনৰ এনে কদৰ্য অৱস্থা সচাই দুখজনক। শ্বহীদৰ কেঁচা তেজেৰে ধোঁৱা বঢ়মপুৰ সমষ্টিত মহন্তৰ পৰিবৰ্তে অন্য কোনো থকা হলে উন্নয়নৰ দিশত সমষ্টি বহু আগবাঢ়ি থাকিলে হয় বুলি মন্তব্য কৰে এজন স্থানীয় যুৱকে। প্ৰত্যেক নিৰ্বাচনৰ সময়ত বঢ়মপুৰবাসীয়ে বহু আশা কৰি মহন্তক ভোট দিয়ে যদিও পৰৱৰ্তী সময়ত আশাত হেনো পৰে চেঁচা পানী। উন্নয়নৰ ক্ষেত্ৰত প্ৰফুল্ল কুমাৰ মহন্ত একপ্ৰকাৰ ব্যৰ্থ হোৱা বুলি দাবী কৰিও যুৱকজনৰ মন্তব্য। এতিয়াও সমষ্টিটোৰ ৭০ শতাংশ লোকে ভাল পায় প্ৰফুল্ল কুমাৰ মহন্তক।
bite - 6

Conclusion:প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ সাধাৰণ লোকৰ বহু অভাৱ অভিযোগ লাভ কৰাৰ পিছত মহন্তৰ সাক্ষাৎকাৰৰ বাবে ই টি ভি ভাৰতৰ পৰা কৰা হৈছিল যোগাযোগ। কিন্তু ই টি ভি ভাৰতৰে মুখামুখি নহল প্ৰফুল্ল কুমাৰ মহন্ত। উল্লেখযোগ্য যে যুৱকজনে দাবী কৰা মতে যদি সচাকৈয়ে বঢ়মপুৰৰ ৭০ শতাংশ লোকে ভাল পায় প্ৰফুল্ল কুমাৰ মহন্তক তেন্তে কোনো ৰাজনৈতিক দলে বঢ়মপুৰত মহন্তৰ জনপ্ৰিয়তা যে ম্লান কৰিব পৰা নাই সেয়া নিশ্চিত। বিগত দুটাকৈ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰি আহিছে এসময়ৰ আলফা নেতা তথা ব্যৱসায়ী সুৰেশ বৰাক। এতিয়া প্ৰশ্ন নহয় প্ৰফুল্ল কুমাৰ মহন্তৰ হাতৰ পৰা বঢ়মপুৰ সমষ্টি দখল কৰিবলৈ কংগ্ৰেছত প্ৰয়োজন আছে নেকি সুৰেশ বৰাতকৈ শক্তিশালী প্ৰাৰ্থীৰ। আগন্তক নিৰ্বাচনত মহন্তৰ হাতত দুবাৰকৈ পৰাজিত হোৱা সুৰেশ বৰাকে পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিব নেকি কংগ্ৰেছ দলে । নে প্ৰফুল্ল কুমাৰ মহন্তৰ ৩০ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাবলৈ কংগ্ৰেছে প্ৰক্ষেপ কৰিব আৰু অধিক শক্তিশালী প্ৰাৰ্থী।
--------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৬-৯-১৯
Last Updated : Sep 17, 2019, 10:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.