ETV Bharat / state

কামপুৰৰ এটা গড়কাপ্তানী পথে জ্বলা কলা খুৱাইছে ৰাইজক - kampur-roha-baithalangshu connecting road allegation

কামপুৰ পৌৰসভা অন্তৰ্গত কাৰ্বি আংলং আৰু ৰহা সংযোগী এটা গড়কাপ্তানী পথক লৈ ৰাইজৰ অভিযোগ । এজাক বৰষুণতেই পথৰ ওপৰত একাঠু পৰ্যন্ত পানী হোৱাৰ লগতে পথৰ কাষৰ দোকানসমূহো বন্ধ ৰাখিব লগা হয় বুলি স্থানীয় ৰাইজৰ অভিযোগ ।

কামপুৰৰ এটা গড়কাপ্তানী পথে জ্বলা কলা খুৱাইছে ৰাইজক

author img

By

Published : May 12, 2021, 11:48 AM IST

বঢ়মপুৰ, 12 মে’ : কামপুৰৰ এটা গড়কাপ্তানী পথক লৈ ৰাইজৰ অভিযোগ । কামপুৰ পৌৰসভা অন্তৰ্গত কাৰ্বি আংলং আৰু ৰহা সংযোগী এই পথটোৱে বছৰ বছৰ ধৰি জ্বলা কলা খুৱাইছে ৰাইজক । এজাক বৰষুণতেই পথৰ ওপৰত একাঠু পৰ্যন্ত পানী হোৱাৰ লগতে পথৰ কাষৰ দোকানসমূহো বন্ধ ৰাখিব লগা হয় বুলি স্থানীয় ৰাইজৰ অভিযোগ । স্থানীয় ৰাইজে জানিব দিয়া মতে পথটোৰ মাজত পুখুৰীৰ দৰে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷

11 বজাৰ দহটা শীৰ্ষ বাতৰি

উল্লেখ্য যে, কামপুৰ-ৰহা-বৈঠালাংছ’ সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ এনে অৱস্থাৰ বাবেই বিভিন্ন সময়ত দূৰ্ঘটনাও সংঘটিত হৈ আহিছে । ৰাইজৰ ইমান অভিযোগৰ পাচতো গড়কাপ্তানী বিভাগ কিম্বা পৌৰসভাৰ অদ্যাপি কোনো গুৰুত্ব নাই পথ মেৰামতিৰ দিশত । সেয়েহে পৌৰসভাৰ অন্তৰ্গত এই পথটো বাৰিষাৰ পূৰ্বে থিক কৰিবলৈ গড়কাপ্তানী বিভাগৰ লগতে নতুন চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : ধ্বংসৰ গৰাহত ঐতিহাসিক বিষ্ণুদ’ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.