কলিয়াবৰ, 15 এপ্ৰিল : তেলাংগানাত কলিয়াবৰৰ এজন যুৱকৰ আত্মহনন ৷ যোৱা 5 বছৰ ধৰি হায়দৰাবাদৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত প্ৰশান্ত সুত নামৰ যুৱকজনে বুধবাৰে নিজ ভাড়াঘৰৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে বুলি হায়দৰাবাদ আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
এই ঘটনাৰ পিছত মৃত প্ৰশান্তৰ নিজ বাসগৃহৰ লগতে সমগ্ৰ ভেছেলীমাৰী গাঁৱত শোকাকূল পৰিৱেশে বিৰাজ কৰে ৷ উল্লেখ্য যে,ম’বাইল ফোন যোগে লাভ কৰা প্ৰশান্তৰ মৃতদেহৰ ফটো লাভ কৰি পৰিয়াল তথা ওচৰ-চুবুৰীয়াই আত্মহননৰ ঘটনা বুলি কোনোমতে পতিয়ন যোৱা নাই। প্ৰশান্তৰ পৰিয়ালে কিন্তু আত্মহননৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে আৰু কলিয়াবৰ আৰক্ষীয়ে ইতিমধ্যে হায়দৰাবাদ আৰক্ষীৰে যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : ল‘ক ডাউনৰ মাজতে মহানগৰীত ধূলিৰ ধুমুহা বতাহ ৷