ETV Bharat / state

কলিয়াবৰ প্ৰেছ ক্লাবে প্ৰদান কৰিলে পানী ফিল্টাৰ - Kaliabor Press Club

খবৰ সংগ্ৰহতে ব্যস্ত নাথাকি কলিয়াবৰত এদল সাংবাদিক গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ । দীৰ্ঘদিনে বিশুদ্ধ খোৱাপানীৰ অভাৱত কেইবাটাও পৰিয়ালক প্ৰদান কৰিলে পানী ফিল্টাৰ । বাগৰিৰ এটা অঞ্চলৰ কেইবাটাও পৰিয়ালক কলিয়াবৰ প্ৰেছ ক্লাবে প্ৰদান কৰে পানী ফিল্টাৰ ।

Kaliabor Press Club provides water filter in Bagori
কলিয়াবৰ প্ৰেছ ক্লাবে প্ৰদান কৰিলে পানী ফিল্টাৰ
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 10:48 AM IST

কলিয়াবৰ প্ৰেছ ক্লাবে প্ৰদান কৰিলে পানী ফিল্টাৰ

কলিয়াবৰ,৬ জানুৱাৰী: যি সময়ত সাংবাদিকসকল সমালোচনাৰ সন্মুখীন হৈ আহিছে, তেনে সময়তে এদল সাংবাদিকে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । কেৱল সংবাদ প্ৰেৰণেই নহয়, সামাজিক দায়িত্বও পালন কৰিলে এদল সাংবাদিকে । পাহাৰৰ জুৰিৰ অপৰিস্কাৰ পানীৰে জীৱন নিৰ্বাহ কৰা গঞাৰ হাতত তুলি দিলে একোটাকৈ পানী ফিল্টাৰ ।

২০২৩ বৰ্ষৰ এনে সময়তে কলিয়াবৰৰ পূৱ দিশত অৱস্থিত বাগৰিৰ এটা অঞ্চলৰ খোৱাপানীৰ অভাৱৰ কথা চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিল কলিয়াবৰৰ সংবাদকৰ্মীয়ে । কালক্ৰমত দেখা গ'ল চৰকাৰখনে এনে কোনো দৃষ্টি নিক্ষেপ নকৰিলে । পৰবৰ্তী সময়ত কলিয়াবৰ প্ৰেছ ক্লাবে চিন্তা কৰিলে বিশুদ্ধ পানীৰ অভাৱত থকা অঞ্চলৰ লোকসকলৰ সুবিধাৰ বাবে কিবা এটা কৰাৰ ।

সেই চিন্তাৰ ফলস্বৰূপে বছৰৰ পাছত বছৰ ধৰি পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানী জমা হৈ থকা খালৰ পৰা শোধন নকৰাকৈয়ে খাই জীৱন নিৰ্বাহ কৰি অহা কলিয়াবৰৰ বাগৰিৰ আমদাংগা আৰু পাহাৰগুৰি গাঁৱৰ একাংশ দৰিদ্ৰ পৰিয়ালক কলিয়াবৰ প্ৰেছ ক্লাবে একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰে । কলিয়াবৰ প্ৰেছ ক্লাবৰ এই পদক্ষেপক গাঁওবাসীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে প্ৰেছ ক্লাবৰ এই উপহাৰৰ অনন্য আখ্যা দিয়ে ।

কলিয়াবৰ মহকুমাৰ কুঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগৰি সমীপৰ আমদাংগা আৰু পাহাৰগুৰি গাওঁবাসীয়ে যুগ যুগ ধৰি পাহাৰৰ জুৰিৰ পানীকে শোধন নকৰাকৈয়ে সেৱন কৰি আহিছে । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো কলিয়াবৰৰ এটা অঞ্চলৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কথাই বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনৰ ফোপোলা স্বৰূপটো পুনৰ উদঙাই দেখুৱালে বুলি মন্তব্য কৰে সচেতন মহলে ।

শুকুৰবাৰে বাগৰি অঞ্চলত পাহাৰগুৰি আৰু আমদাংগা গাওঁবাসীৰ ওচৰত উপস্থিত হয় কলিয়াবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা, সভাপতি, উপ-সভাপতি, সম্পাদক ক্ৰমে তৰুণ মুক্তিয়াৰ, অমূল্য বৰা, গৌতম কুমাৰ বৰা, প্ৰাক্তন সভাপতি তপন শইকীয়া, সদস্য আশীষ কুমাৰ শইকীয়া, পংকজ শইকীয়া, দিবাকৰ দাস প্ৰমুখ্যে পোন্ধৰ জনীয়া দলটো । এই উদ্দেশ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ উপ-বনাঞ্চলিক বিষয়া শান্তনু গগৈৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । উক্ত সভাতে কলিয়াবৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰত্যেকগৰাকী গাঁওবাসীক একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰা হয় ।

গাঁও দুখনৰ ক্ৰমে অৱনী তাঁতী, গণেশ গগৈ, ৰাজু কৰ্মকাৰ, নিৰু শইকীয়া, সাগৰমণি তাঁতী, জীতেন তাঁতী, নন্দ চাওতালকে ধৰি প্ৰায় ৪০ টা পৰিয়ালক একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰা হয় । কলিয়াবৰ প্ৰেছ ক্লাবে পানী শোধন কৰি খাবৰ বাবে এই সামান্য ব‍্যৱস্থাৰে উন্নয়নৰ ফটাঢোল বজাই তৰণি নোপোৱা চৰকাৰখনৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰা বুলি উল্লেখ কৰে । অতিশীঘ্ৰে চৰকাৰৰ সংশ্লিষ্ট বিভাগে যাতে বাগৰিৰ উক্ত গাঁও দুখনৰ লগতে সমীপৱৰ্তী অঞ্চলত বিশুদ্ধ খোৱা পানীৰ সু-ব‍্যৱস্থা কৰাৰ আহ্বান জনাই ।

লগতে পঢ়ক: দীৰ্ঘদিনৰ পাছত লাওখোৱা, বুঢ়াচাপৰিত গঁড়ৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.