ETV Bharat / state

Kaliabhomora Marathon: শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়া ভোমোৰা মাৰাথন দৌৰ

author img

By

Published : Nov 8, 2022, 4:31 PM IST

কলিয়াবৰত মাধ্যম আন্দোলনৰ পঞ্চম গৰাকী শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ (Martyr Narendra Nath Mahanta) সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে শ্বহীদ দিৱসৰ আয়োজন ৷ দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজন কৰা হয় অসমৰ ক্ৰীড়া জগতৰ অন্যতম পুৰণি দীৰ্ঘ দূৰত্বৰ মাৰাথন দৌৰ প্ৰতিযোগিতাখন ৷ অসম ভিত্তিত অনুষ্ঠিত হোৱা কলিয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে শতাধিক প্ৰতিযোগীয়ে ।

Kaliabhomora Marathon Run competition in Kaliabor
কলিয়াবৰত অনুষ্ঠিত কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা

কলিয়াবৰ, 8 নৱেম্বৰ: মাধ্যম আন্দোলনৰ পঞ্চমগৰাকী শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ (Martyr Narendra Nath Mahanta) সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে 36 সংখ্যক শ্বহীদ দিৱস (Martyrs Day)৷

শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আয়োজন কৰে ৩৪ সংখ্যক সদৌ অসম কলিয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখন । আজি পুৱা কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হয় দীৰ্ঘ দূৰত্বৰ এই প্ৰতিযোগিতাখনি ।

গুৱাহাটী, নগাঁও, তেজপুৰ, শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথনত । এই মাৰাথন দৌৰ প্ৰতিযোগিতাখনিত প্ৰথম, দ্বিতীয় আৰু তৃতিয় স্থান দখল কৰে ক্ৰমে বকোৰ ছানিদুল ইছলাম, গহপুৰৰ বিজন্ত খাড়ীয়া আৰু গোলাঘাটৰ তৃষেশ্বৰ কুৰ্মীয়ে ।

শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত আয়োজিত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একান্ত নাট প্ৰতিযোগিতাখনিও আৰম্ভ হ'ব বুলি জনাই উদ্যোক্তাসকলে । সমান্তৰালকৈ বুধবাৰৰ পৰা কলিয়াবৰত অনুষ্ঠিত হ'ব সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৪ সংখ্যক অধিৱেশন ।

উল্লেখ্য যে মাধ্যম আন্দোলন বা উচ্চ শিক্ষাৰ মাধ্যম আন্দোলন (Medium movement in Assam) হৈছে ১৯৭২ ৰ জুন মাহৰ পৰা ১৯৭৩ ৰ জানুৱাৰীলৈ অসমত হোৱা এক ভাষিক আন্দোলন । অসমৰ ভৌগলিক চাৰিসীমাৰ ভিতৰত অসমীয়া ভাষাকে উচ্চশিক্ষাৰ একমাত্ৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ দাবীত আৰম্ভ হৈছিল এই আন্দোলন ৷ এই আন্দোলনৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই ।

উল্লেখ্য যে এই আন্দোলনত মোজাম্মিল হক, অনিল বৰা আৰু নৰেন মহন্ত - তিনিজনকৈ লোক শ্বহীদ হোৱাৰ উপৰিও সমগ্ৰ অসমতে সাম্প্ৰদায়িক হিংসাত ত্ৰিশজনৰো অধিক লোকৰ প্ৰাণহানি হৈছিল । চৰকাৰে কঠোৰ ব্যৱস্থা হাতত ল’লে যদিও সাম্প্ৰদায়িক হিংসা থমকি ৰোৱাৰ উমঘাম দেখা নগ’ল।

ইয়াৰ পাছতে তদানীন্তন অসম চৰকাৰে আছুৰ সৈতে আলোচনা কৰিবলৈ তৎপৰ হৈ পৰে । ইফালে আছুৰ পৰা জনাই দিয়া হয় যে আলোচনা কৰিবলৈ একো নাই; মাথো ২৩ ছেপ্তেম্বৰত বিধানসভাত গ্ৰহণ কৰা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিলেই হ’ল । শেষত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আগবাঢ়ি আহিল এই আন্দোলনত মধ্যস্থতা কৰিবলৈ । পিছত প্ৰধানমন্ত্ৰীগৰাকীৰ মধ্যস্থতাত এই আন্দোলনৰ সফল পৰিসমাপ্তি ঘটে ।

লগতে পঢ়ক: 50th Anniversary of Media Movement: মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে আছুৰ বিশেষ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.