নগাঁও, 2 ছেপ্তেম্বৰ : প্ৰয়াত সমাজসেৱী খগেশ্বৰ গোস্বামীৰ নেতৃত্বত প্ৰাক-স্বাধীনতা কালতেই কলিয়াবৰত এক সমবায় আন্দোলন গঢ় লৈ উঠিছিল । এই আন্দোলনৰ ভিত্তিত দেশে স্বাধীনতা লাভৰ প্ৰায় তিনিটা দশক পূৰ্বেই ১৯২০ চনত প্ৰতিষ্ঠা হৈছিল এই কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতি ৷ সমবায় খণ্ডৰ স্বৰ্ণিল ইতিহাস বুকুত বান্ধি সগৌৰৱৰে শতবৰ্ষ গৰকাৰ পথত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিখন ৷ মাত্ৰ ৬৭০ টকা মূলধনৰে গঠিত সমবায়খনে সামৰি লোৱা প্ৰায় ছয় সহস্ৰাধিক জনসাধাৰণৰ সামগ্ৰিক বিকাশত ধাৰাবাহিকভাৱে যোগাই আহিছে অৱদান ।
উল্লেখযোগ্য় যে প্ৰতিষ্ঠাকালতেই আৰম্ভ কৰা সমবায়ৰ বেংক প্ৰতিষ্ঠানটোৱে দুই শতাধিক মহিলা আত্ম সহায়ক গোটক দুইলাখ টকাকৈ ঋণ প্ৰদানৰে মহিলা সৱলীকৰণ আৰু গ্ৰাম্য সংস্থাপন তথা গ্ৰাম্য অৰ্থনীতিৰ বিকাশতো আগবঢ়াইছে সবল সহযোগিতা । সমবায়খনে মাথো পি ডি এচ ৰ সামগ্ৰী বিতৰণতে সীমাৱদ্ধ ৰখা নাই ব্যৱসায়িক পৰিসীমা । স্থানীয় কৃষকক উৎপাদিত মৰাপাট আৰু সৰিয়হৰ উচিত মূল্য প্ৰদানৰ স্বাৰ্থত চলাই আছে মৰাপাট আৰু সৰিয়হৰ তেলৰ ব্যৱসায় । লগতে গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায় কৰি আহিছে সমবায়খনে । একেদৰে স্থানীয় কৃষকক সততে কম সুদৰ হাৰত প্ৰদান কৰি আহিছে কৃষি ঋণ লগতে স্থানীয় ৰাইজক প্ৰদান কৰি আহিছে আপদকালীন সহজলভ্য ঋণ । কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে ইতিমধ্যে সন্মানিত হৈছে এই শতবৰ্ষ গৰকাৰ পথত থকা সমবায় সমিতিখন ৷