কলিয়াবৰ, 5 এপ্ৰিলঃ ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শুকুৰবাৰে কলিয়াবৰ বিধানসভা সমষ্টিত অনুষ্ঠিত কৰা হয় প্ৰথমখন সভা । সভাত অংশ গ্ৰহণ কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বকো সমষ্টিৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে ।
সভাত ভাষণ দি কয় যে মোদী চৰকাৰে সকলোকে 15 লাখ টকাকৈ দিম বুলি মিচা প্ৰতিশ্ৰুতি দিছিল বুলি কটাক্ষ কৰে ৷ অগপ আৰু বিজেপিৰ বিৰুদ্ধে সকলোকে একগোট হৈ পুনৰ গৌৰৱ গগৈক বিজয়ী কৰাবলৈ আহ্বান জনায় সভানেত্ৰী গৰাকীয়ে । পঞ্চায়ত নিৰ্বাচনত হিমন্তই পাম নথকা বল আখ্যা দিয়া অগপৰে বিজেপিৰ মিত্ৰতাক তীব্ৰ কটাক্ষ কৰে ।