নগাঁও, ৮ মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজনৈতিক দলসমূহৰ প্ৰায় কেইটা দলেই ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । লগে লগে প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ ব্যস্ততা । ঠায়ে ঠায়ে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে ৰেলী প্ৰদৰ্শন অব্যাহত আছে । বঢ়মপুৰ সমষ্টিতো ৰেলী প্ৰদৰ্শন বিজেপিৰ ।
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ বাইক ৰেলী । বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি জিতু গোস্বামীয়ে কামপুৰত উপস্থিত হোৱাৰ লগে লগে কামপুৰ কেন্দ্ৰীয় নামঘৰৰ প্ৰাঙ্গনত বিজেপি কৰ্মী, সমৰ্থকসকলে ফটকা ফুটাই উষ্ম আদৰণি জনাই গোস্বামীক । প্ৰয়াত লক্ষেশ্বৰ গোহাঁইৰ মৃত্যুৰ সুদীৰ্ঘ ৩৫ বছৰ পাছত স্থানীয় প্ৰাৰ্থী হিচাপে গোস্বামীয়ে প্ৰাৰ্থীত্ব পোৱাত উৎফুল্লিত হৈ পৰে বঢ়মপুৰ সমষ্টি বিজেপিৰ কৰ্মকর্তাসকল ।
আনহাতে, উষ্ম আদৰণিৰ পিছতেই কামপুৰ চৰাইহাগীৰ পৰা ঐতিহ্যমণ্ডিত ৰত্নাৱলী থানত আশীষ লৈ পাঁচ শতাধিক বিজেপি সমৰ্থকক লগত লৈ এক বাইক ৰেলী বাহিৰ কৰে গোস্বামীয়ে । নিৰ্বাচনত জয়ী হ'লে বান পৰিস্থিতিৰ লগতে প্ৰথম পদক্ষেপ কি হ'ব বুলি সাংবাদিকে প্ৰাৰ্থী গৰাকীক প্ৰশ্ন কৰাত স্বাস্থ্য, শিক্ষা, বাট-পথ সুচল কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বানমুক্ত অসম গঢ়াৰ মূল লক্ষ্য বুলি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে ।
লগতে পঢ়ক: যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ