ETV Bharat / state

জাপানীজ এনকেফেলাইটিছঃ নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা - নগাঁও

জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা। নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৭ জন আক্ৰান্ত হোৱাৰ লগতে 3 জনৰে মৃত্যু হৈছে । উচ্চপদস্থ বিষয়াই সদৰী কৰিলে তথ্য ।

নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা
author img

By

Published : Jul 10, 2019, 4:33 PM IST

নগাঁও,10জুলাইঃ সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে নগাঁৱতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সংখ্যা । নগাঁৱত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ 3 জনকৈ লোক মৃত্যুমুখত পৰাৰ লগতে চিকিৎসাধীন হৈ আছে 7 গৰাকীকৈ লোক । বুধবাৰে এই তথ্য সদৰী কৰে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মল্লিকা মেধিয়ে । বুধবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক জৰুৰী সভাত অংশগ্ৰহণ কৰে আয়ুক্ত সচিব মল্লিকা মেধিয়ে ।

নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা

এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীক তৎপৰ হৈ থাকিবলৈ কঠোৰ নিৰ্দেশ দিয়ে আয়ুক্ত সচিবগৰাকীয়ে । লগতে চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত লোকৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰো নিৰ্দেশ দিয়ে । চিকিৎসাৰ ক্ষেত্ৰত কোনো গাফিলতিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে আয়ুক্ত সচিবগৰাকীয়ে।

Intro:জাপানীজ এনকেফেলাইটিজ সন্দৰ্ভত নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা। নগাঁৱত জাপানীজ এনকেফেলাইতিজত ৭ জন আক্ৰান্ত তিনিজনৰ মৃত্যু। উচ্চপদস্থ বিষয়াই সদৰী কৰিলে তথ্য।

Body:সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিজ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে নগাঁৱতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইতিজ ৰোগত আক্ৰান্তৰ সংখ্যা। নগাঁৱত ইতিমধ্যে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ তিনিজনকৈ লোক মৃত্যুমুখত পৰাৰ লগতে চিকিৎসাধীন হৈ আছে সাতগৰাকীকৈ লোকে। বুধবাৰে এই তথ্য সদৰি কৰে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মল্লিকা মেধিয়ে। বুধবাৰে নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত নগাওঁ জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক জৰুৰী সভাত অংশগ্ৰহণ কৰে আয়ুক্ত সচিব মল্লিকা মেধিয়ে। এই সন্ধৰ্ভত স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীক তৎপৰ হৈ থাকিবলৈ কঠোৰ নিৰ্দেশ দিয়ে আয়ুক্ত সচিবগৰাকীয়ে। লগতে চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ চিকিৎসালত জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত লোকৰ প্ৰদান সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা। চিকিৎসাৰ ক্ষেত্ৰত কোনো গাফিলতিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও উল্লেখ কৰে আয়ুক্ত সচিবগৰাকীয়ে।
bite, আয়ুক্ত সচিব মল্লিক মেধি।
---------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১০-৭-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.