নগাঁও, 4 ডিচেম্বৰ : আগন্তক বিধানসভা নিৰ্বাচনত অসমৰ 40 সংখ্যালঘু সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ সাজু হৈছে জে ডি ইউ দলে । অসমত কংগ্ৰেছ দলে 70 বছৰে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক ভোট বেংকৰ ৰাজনীতিৰে চৰম প্ৰতাৰণা কৰিলে যাৰবাবে দলটোৱে নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিয়ে ৷
সংখ্যালঘু সম্প্ৰদায়টোৰ আৰ্থ-সামাজিক, ৰাজনৈতিক সকলো দিশ সামৰি উন্নয়নৰ লক্ষ্যৰে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে জনতা দল ইউনাইটেড নামৰ নীতিশ কুমাৰৰ ৰাষ্ট্ৰীয় দলে । শুকুৰবাৰে বটদ্ৰৱাৰ জামতলত সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে দলটোৰ ৰাজ্যিক আহ্বায়ক চামছুল আলমে ।
লগতে পঢ়ক : ৰঙিয়াত বাঁহৰ খুটাৰে বিদ্যুৎ বিভাগে যোগান ধৰিছে বিদ্যুৎ