ETV Bharat / state

পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত জয়সাগৰ দলনি

author img

By

Published : Nov 29, 2020, 10:44 PM IST

ঐতিহাসিক তথ্য অনুসৰি, যুদ্ধ-বিগ্ৰহত ব্যস্ত থকা স্বৰ্গদেউ প্ৰমত্ত সিংহই কলিয়াবৰত বাহৰ পাতিছিল ৷ প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ বাহৰত ৰখা হৈছিল ৷ এই বাহৰত থাকোতে টান নৰিয়াত পৰি জয়া আইদেউৱে মৃত্যুমুখত পৰে ৷ জয়াৰ শৱদেহ ৰজাৰ বাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰতে সমাধিষ্ঠ কৰা হৈছিল ৷ সম্প্ৰতি জয়া মৈদামৰ কাষতে থকা ১৬ হাজাৰ বিঘা মাটি-কালিৰে ভৰপুৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়ৰী জয়াৰ নামেৰে নামাকৰণ কৰে ৷ তেতিয়াৰ পৰা ই পৰিচিত হয় জয়সাগৰ দলনি হিচাপে ৷

Jaysagar Dalani a Place of Migrated Birds kaliabar assam etv bharat news
জয়সাগৰ দলনি

কলিয়াবৰ,29 নৱেম্বৰ: দেশী-বিদেশী চৰাইৰ বিচৰণস্থলী হৈছে জয়সাগৰ দলনি ৷ কলিয়াবৰ পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই জয়সাগৰ দলনি এতিয়া মুখৰিত হৈছে আলহী পক্ষীৰ কলৰৱেৰে ৷ ঐতিহাসিক আহোম ৰাজ্যৰ স্মৃতি বিজড়িত এক জলাশয়ৰ নাম হৈছে জয়সাগৰ দলনি ৷

Jaysagar Dalani a Place of Migrated Birds kaliabar assam etv bharat news
জয়সাগৰ দলনিলৈ অহা পৰিভ্ৰমী চৰাই

জয়সাগৰ দলনি কলিয়াবৰ মহকুমাৰ এক জৈৱ-বৈচিত্ৰৰে ভৰপূৰ জলাশয় ৷ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমল ৰূপে চিহ্নিত হৈছে ৷ এই জয়সাগৰ আহোম যুগৰ নৌ-বাহিনীৰ কেন্দ্ৰস্থল আছিল ৷ ইয়াত যুদ্ধত ব্যৱহৃত নাও নিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল ৷ লাহে-লাহে দিন বাগৰিল, সদা ব্যস্ত বিলখনত পক্ষীৰ আগমন বৃদ্ধি হ’বলৈ ধৰিলে ৷ শীতকালি অন্য ঠাইৰ পৰাও পখী আহি জয়সাগৰৰ শোভা বঢ়ালে ৷

পূৱথৰীয়া মৌজাৰ অন্তৰ্গত বৃহৎ বিলখন পিচলৈ জয়সাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে ৷ জয়সাগৰ দলনিত শীতৰ আগমনৰ লগে-লগে দেশী-বিদেশী পক্ষীয়ে প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষণ কৰি আহিছিল যদিও পৰ্যটনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰা নাছিল ৷ পৰৱৰ্তী সময়ত জয়সাগৰ দলনি বিভিন্ন জৈৱ-বৈচিত্ৰতাৰে পৰিপূৰ্ণ হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী, গৱেষকসকলৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিছিল‌ ৷ এতিয়াও প্ৰতি বছৰে হাজাৰ-হাজাৰ পৰিভ্ৰমী চৰাই আহি শোভা বৃদ্ধি কৰে দলনিখনৰ ৷ এইবছৰো দলনিখনলৈ আহিছে পৰিভ্ৰমী চৰাই ৷

কাম চৰাই, শৰালি হাঁহ, বৰ টোকোলা, হাড়গিলা, শামুক ভঙা আদি পক্ষীৰ আশ্ৰয়থলী এই দলনি সম্প্ৰতি পৰ্যবসিত হৈছে দুষ্প্ৰাপ্য পক্ষীৰ আৱাসস্থলীলৈ ৷ ইতিমধ্যে দুষ্প্ৰাপ্য পক্ষীৰ শাৰীত পৰা কেইবাবিধো পক্ষীক স্থানীয় প্ৰকৃতিপ্ৰেমী বেচৰকাৰী অনুষ্ঠান ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচে ডব্লিউডব্লিউএফৰ সহযোগত জয়সাগৰ দলনিক প্ৰায় শতাধিক পক্ষীৰ বাসস্থানৰূপে আৱিস্কাৰ কৰিছে ৷ যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমী চৰাই ৷ দুষ্প্ৰাপ্য কাক হাঁহ (অৰিয়েণ্টেল ডাৰ্টাৰ), বিয়েৰ পোচাৰ্ড, থেৰজেনিয়াড পোচাৰ্ড, পেচান টে'ল জাকান আদি জয়সাগৰ দলনিত সহজেই দেখিবলৈ পোৱা যায় ৷ গ্ল’চিয়াচ আইবিজ, ব্লে'ক টেজেড আইবিজ, কমন কোট, গ্ৰে' লে'গ গীজ, ব্ৰাউন হে'ডেড গাল আদি বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰিত জয়সাগৰ দলনি কলিয়বৰৰ এক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাত মহকুমা প্ৰশাসনে গুৰুত্ব দিয়া দেখা গৈছে ৷

লগতে চাওকঃ জ্যোতিপ্ৰসাদ ৰাজখোৱাৰ সৈতে আজিৰ প্ৰাসংগিক প্ৰেক্ষাপট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.