বঢ়মপুৰ, 27 জুন : হোজাই জিলাৰ যমুনামুখত নিশা সংঘটিত হ'ল অঘটন ৷ নিশাৰ ভাগতে হঠাৎ বহি গ'ল যমুনামুখ-কাৰ্বিআংলং সংযোগী গড়কাপ্তানী পকী পথ ৷ প্ৰায় দহ ফুট তললৈ বহি যোৱাত গাঁতৰ সৃষ্টি হ'ল পকী পথটো ৷
বিগত এমাহ পূৰ্বে হোৱা বানত কপিলী নদীৰ বাঢ়নী পানী আবদ্ধ হৈ আছিল যমুনামুখ মিলনপুৰ অঞ্চলত ৷ স্থানীয় যমুনামুখ গাওঁ পঞ্চায়তখনে 8 ইঞ্চি পাইপ বৰিং কৰি পানী উলিয়াবলৈ চেষ্টা কৰা পাছতেই এই ঘটনা সংঘটিত হয় বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ বৰ্তমান যান বাহন চলাচল ব্যাহত হৈ পৰিছে উক্ত পথটোত ৷
লগতে পঢ়ক : বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-নাৰ্ছক কোৱাৰেণ্টাইন