কলিয়াবৰ, 1 আগষ্ট : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ (NAGAON DISTRICT) কলিয়াবৰতো জল জীৱন (JALJIBAN MISSION) আঁচনিৰ শুভাৰম্ভ হোৱা দেখা গৈছে ৷ জল জীৱন মিছন আঁচনিৰ অধীনত নলযোগে খোৱাপানী ৰাইজে ঘৰতে পাব পৰাকৈ শনিবাৰে কলিয়াবৰত (KALIABOR) তিনিটাকৈ আঁচনিৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে । কলিয়াবৰৰ বিহদুবিৰ ২৫৭, ধনেখোৱাৰ ২৯৭ আৰু দেৱসত্ৰৰ ৩০১ টা পৰিয়ালে এই আঁচনিৰ জৰিয়তে ঘৰতে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হ'ব ।
কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (KALIABOR PUBLIC HEALTH DEPARTMENT) অধীনৰ ৭ টাকৈ স্থানত এই আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল ৷ ইয়াৰে তিনিটা পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ হোৱাত ৰাইজে ঘৰতে নলীৰ সংযোগ কৰি বিশুদ্ধ খোৱাপানী পাব পৰাকৈ প্ৰথম পৰ্যায়ত এই তিনিটা আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । এই অনুষ্ঠানত কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি তথা বিষয়ববীয়া আৰু অঞ্চলটোৰ বহু ব্যক্তি উপস্থিত থাকে ।
বিগত 9 জুলাইতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জল জীৱন মিছনৰ (jal jiban mission) সৈতে জড়িত বিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (PUBLIC HEALTH DEPARTMENT) কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে এক সভাত মিলিত হয় । সভাত মিছনৰ অধীনত জিলাসমূহত চলি থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । গুৱাহাটীৰ বশিষ্ঠস্থিত বিভাগীয় কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত মন্ত্ৰী দাসে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে জিলাসমূহত জলজীৱন মিছনৰ (jal jiban mission) অধীনত ৰূপায়িত হৈ থকা প্ৰকল্প তথা আঁচনিসমূহৰ কাম-কাজৰ বিষয়ে বিতংভাৱে বুজ লয় ।
জিলাসমূহত জলজীৱন মিছনৰ অধীনৰ আঁচনি তথা প্ৰকল্পসমূহ কেনেদৰে ৰূপায়িত হৈছে সেই বিষয়ে মন্ত্ৰী দাসক সভাত কাৰ্যবাহী অভিযন্তাসকলে অৱগত কৰে । উল্লেখযোগ্য যে, জল জীৱন মিছনৰ অধীনত এতিয়ালৈ ৰাজ্যখনৰ ৬ লাখ ৫০ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ সংযোগ পাইছে । ৯০ হাজাৰটা পৰিয়ালে খোৱা পানীৰ সংযোগ লাভ কৰিব । সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে জলজীৱন মিছনৰ অধীনৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম অধিক তৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণৰ মাজত বিশুদ্ধ খোৱাপানীৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
এই অভিযানৰ কাম আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে প্ৰথম পৰ্যায়ৰ কামৰ বিপৰীতে ২৭ খন জিলাত মুঠ ২১০৩ টা আঁচনিৰ বিপৰীতে প্ৰশাসনিক অনুমোদন দিছে । এই ২১০৩ টা আঁচনিৰ বিপৰীতে বায় নিৰ্ধাৰণ কৰা হৈছে ৩২৭৭৪৬.২৯ লাখ টকা । ইয়াৰে কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ২৮০২২৩.৬১ লাখ টকা ।
ৰাজ্য চৰকাৰে খৰছ কৰিব লাগিব ৩১১৩৬.৯০ লাখ টকা । অতি লক্ষণীয়ভাৱে এই খোৱা পানী যোগান আঁচনিৰ ৰূপায়নৰ বাবে নাগৰিক সমাজেও অৰিহণা আগবঢ়াব লাগিব । উল্লেখিত পৰিমাণৰ ৰাজহুৱা পুঁজিৰ বিপৰীতে নাগৰিক সমাজৰ অৰিহণা নিৰ্ধাৰণ কৰা হৈছে ১৬৩৮৫.৭৮ লাখ টকা ৷
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি গেৰুৱা বসন পিন্ধিবলৈ সাজু সুশান্ত বৰগোহাঁই