কলিয়াবৰ,২ এপ্ৰিল: নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ কাৰ্যালয়ত উত্তেজনাময় পৰিৱেশ । একাংশ বঞ্চিত ঠিকাদাৰে অৰাজকতা চলাৰ অভিযোগ তুলি কাৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
জলজীৱন মিছনৰ অধীনত কলিয়াবৰত ঘৰে ঘৰে নলা সংযোগৰ কাম চলি আছে । কিন্তু এই কামৰ বিনিময়ত একাংশ ঠিকাদাৰে ধন নোপোৱাৰ অভিযোগ উত্থাপন কৰে । ধন নোপোৱাৰ কাৰণ জানিবলৈ অহাৰ পিছতে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে কাৰ্যালয়ত ।
ঠিকাদাৰসকলৰ অভিযোগ ৯ টা প্ৰকল্পৰ ধন মোকলাই দিয়া হৈছে কিন্তু সেইবোৰৰ কাম কৰবাত আৰম্ভ হোৱা নাই আৰু কিছুমান কেৱল নলা সংযোগহে হৈছে । নিয়ম অনুসৰি পানী ঘৰে ঘৰে লাভ কৰিলেহে ধন মোকলাই দিব লাগে । একাংশ ঠিকাদাৰৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক আচৰণ কৰি তেওঁলোকৰ ধন মোকলাই দিয়াৰ অভিযোগ বাকী ঠিকাদাৰসকলৰ । ঠিকাদাৰসকলৰ প্ৰশ্ন কিহৰ ভিত্তিত কেইজনমান ঠিকাদাৰৰ ধন মোকলাই দিয়া হ'ল । কাৰ্যালয়ত মুখ্য কাৰ্যবাহী অভিযন্তা উপস্থিত নাছিল যদিও অতিৰিক্ত মুখ্য় কাৰ্যবাহী অভিযন্তাক বিভিন্ন ধৰণে প্ৰশ্ন কৰে ঠিকাদাৰসকলে ।
লগতে পঢ়ক:দায়িত্বশীল মন্ত্রীৰ দায়িত্বজ্ঞানহীন আচৰণ