জখলাবন্ধা, 2 এপ্ৰিলঃ কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে অধিক তৎপৰ হৈ পৰিছে জখলাবন্ধা আৰক্ষী প্ৰসাশন ৷ আইন ভংগকাৰী আৰু চুলাই মদ বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ জখলাবন্ধা আৰক্ষী ৷ লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ ঠায়ে ঠায়ে তেওঁলোকক প্ৰদান কৰিছে ৰাজহুৱা শাস্তি ৷ বুধবাৰে সন্ধিয়া দ'ল পুখুৰী, ৰে'লগেট, চিকনি আদি এলেকাত আৰক্ষীয়ে এক অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰে ৷ ইয়াৰোপৰি গাঁৱলৈ যাতে শাক-পাচলিৰ বেপাৰী সোমাই অধিক জটিলতাৰ সৃষ্টি নকৰে তাৰ বাবে জখলাবন্ধা আৰক্ষীয়ে গাঁৱে-গাঁৱে লকডাউন ঘোষণা কৰি ৰাইজক সজাগ কৰাও দেখা গৈছে ৷
আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁৱত খাদ্য সামগ্ৰী বিৰতণ কৰে নৱম অসম বেটেলিয়ানৰ কঞ্চনজুৰিত থকা সংলগ্ন শিৱিৰৰ জোৱানে ৷
লগতে পঢ়কঃ খাদ্য সংকটে দেখা দিছে নৱগ্ৰহৰ মন্দিৰৰ বান্দৰসমূহৰ মাজত