ETV Bharat / state

যুৱ প্ৰজন্মলৈ কি আহ্বান 'অৰণ্যমানৱ' যাদৱ পায়েঙৰ ! - অৰণ্যমান

পথ নিৰ্মাণৰ বাবে গছ-গছনি কাটিবলৈ হ'লে আগতীয়াকৈ গছ ৰোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰে যাদৱ পায়েঙে

জন্মদিনত যুৱ প্ৰজন্মলৈ কি আহ্বান 'অৰণ্যমানৱ' যাদৱ পায়েঙৰ !
author img

By

Published : Sep 22, 2019, 6:14 PM IST

Updated : Sep 22, 2019, 7:12 PM IST

নগাঁও, 22 চেপ্তেম্বৰঃ 'গছ কাটি উন্নয়ণ কৰিব নালাগে' এই মন্তব্য অৰণ্যমানৱ যাদৱ পায়েঙৰ ৷ দেওবাৰে নগাঁৱৰ পান্থতৰু সংৰক্ষণীৰ জলবায়ু ধৰ্মঘটত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে পদ্মশ্ৰী বঁটাৰে সন্মনিত যাদৱ পায়েঙে ৷ উন্নয়ন লাগে যদিও গছ-গছনি পৰালৈকে কাটিব নালাগে । পথ নিৰ্মাণৰ বাবে গছ-গছনি কাটিবলৈ হ'লে আগতীয়াকৈ গছ ৰোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰে যাদৱ পায়েঙে । ছাত্ৰ-ছাত্ৰীক জন্মদিনত কেক কটাৰ পৰিৱৰ্তে গছ পুলি ৰোপণ কৰাৰ লগতে বন্ধু বান্ধৱীকো গছ পুলি উপহাৰ দিয়াৰ আহ্বান জনায় অৰণ্যমানৱ গৰাকীয়ে ।

Intro:নগাঁৱত পান্থতৰু সংৰক্ষণীৰ জলবায়ু ধৰ্মঘটত অৰণ্যমানৱ যাদৱ পায়েং। গছ কাটি উন্নয়ন নালাগে। যাদৱ পায়েঙৰ মন্তব্য।
Body:
পান্থতৰু সংৰক্ষণী অসমৰ উদ্যোগত নগাঁৱৰ ডিমৰুগুৰিত গ্ৰহণ কৰা জলবায়ু ঘৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে অৰণ্যমানৱ যাদৱ পায়েং। প্ৰাকৃতিক সম্পদ গছ গছনি সংৰক্ষণৰ দাবীত পান্থতৰুয়ে গ্ৰহণ কৰা জলবায়ু ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি অৰণ্যমানৱ যাদৱ পায়েঙৰ মন্তব্য। উন্নয়ন লাগে যদিও গছ গছনি কাটি উন্নয়ন নালাগে। পথ নিৰ্মাণৰ বাবে গছ গছনি কাটিবলৈ হলে আগতীয়াকৈ গছ ৰোৱাৰ দাবী যাদৱ পায়েঙৰ। ছাত্ৰ ছাত্ৰীকো জন্ম দিনত কেক কটাৰ পৰিবৰ্তে গছ পুলি ৰোপণ কৰাৰ লগতে বন্ধু বান্ধৱীকো গছ পুলি উপহাৰ দিয়াৰ আহ্বান জনায় যাদৱ পায়েঙে।
Bite,Conclusion:
Last Updated : Sep 22, 2019, 7:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.