ETV Bharat / state

এছ পি আনন্দ মিশ্ৰৰ নামত আহিল নিগেটিভ ৰিপ’ৰ্ট !

author img

By

Published : Jan 11, 2022, 8:49 PM IST

সামাজিক মাধ্যমত আলোড়ন সৃষ্টি কৰি, সকলো শ্ৰেণীৰ ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰি সততে ব্যাপক চৰ্চাত থাকে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নাম (IPS Ananda Mishra on Social media) ৷ কিন্তু, ব্যাপক জনপ্ৰিয়তা আৰু ৰাইজৰ আদৰৰ মাজতে আৰক্ষী বিষয়া গৰাকীৰ নামত আহিল নিগেটিভ ৰিপ’ৰ্ট ৷ কিয় ? জানো আহক ৷

IPS Ananda Mishra tested COVID negative
কিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নাম আহিল নিগেটিভ ৰূপত ?

নগাঁও, 11 জানুৱাৰী : নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰ পৰাই ড্ৰাগছ, চোৰ, ডকাইতকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই বৃহৎ সফলতা লাভ কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ কম সময়তে প্রিয় হৈ পৰিছে নগাঁওবাসীৰ (IPS Ananda Mishra against crime)। নগাঁৱৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ জনপ্ৰিয়তা এতিয়া কেৱলমাত্ৰ নগাঁৱতে সীমাবদ্ধ হৈ থকা নাই ৷

পূৰ্বতে তেওঁ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা জিলা ধুবুৰীতো ৰাইজৰ আদৰৰ আছিল আই পি এছ বিষয়াগৰাকী ৷ সেয়ে ধুবুৰীৰ পৰা নগাঁৱলৈ বিষয়া গৰাকী বদলি হৈ যোৱাৰ সময়ত শোকত ভাগি পৰা দেখা গৈছিল জিলাখনত থকা তেওঁৰ গুণমুগ্ধ সকলক ৷ ইয়াৰ পিছতে এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত নিশাৰ ভিতৰতে ৰাজ্যবাসীৰ মুখে মুখে সিঁচৰিত হৈ পৰিছিল আইপিএছ বিষয়া আনন্দ মিশ্ৰৰ নাম (IPS Ananda Mishra's popularity across Assam) ৷

অপৰাধীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ওপৰিও বাইকিঙৰ ক্ষেত্ৰতো আৰক্ষী বিষয়া গৰাকীৰ আছে বিশেষ ৰাপ ৷ সেয়ে প্ৰায়েই সামাজিক মাধ্যমত সুদৰ্শন আৰক্ষী বিষয়া গৰাকীয়ে বাইক ৰাইডিং কৰাৰ ভিডিঅ’ অথবা ছবি ভাইৰেল হয় ৷ পিছে ইমানৰ পিছতো এতিয়া নিগেটিভ ৰিপ’ৰ্ট আহিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নামত ৷

IPS Ananda Mishra tested COVID negative
আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ৰ’ব, আপুনি ভবাৰ দৰে আনন্দ মিশ্ৰৰ কোনো বেয়া খবৰ আমি আপোনাক দিব লগীয়া হোৱা নাই ৷ শেহতীয়াকৈ, আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰা বহু আৰক্ষী বিষয়া ক'ভিড আক্ৰান্ত হোৱাৰ খবৰ হয়তো আপুনিও পাইছে । ৰাজ্যৰ কেবাজনো শীৰ্ষ আৰক্ষী বিষায় এইদৰে আক্ৰান্ত হোৱাৰ সময়তে নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীৰ ক’ভিড টেষ্টত আহিল নিগেটিভ ৰিপ’ৰ্ট (IPS Ananda Mishra tested COVID negative) ৷ আৰক্ষী অধীক্ষক গৰাকী কুশলে থকাৰ খবৰে এতিয়া সুখী কৰি তুলিছে নগাঁও তথা ৰাজ্যজুৰি থকা তেওঁৰ গুণমুগ্ধ সকলক ৷

IPS Ananda Mishra tested COVID negative
চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং

ইফালে, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙো শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে । দুলীয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰক্ষী অধীক্ষক গৰাকীয়ে । মঙলবাৰে সোণাৰিৰ চৰকাৰী আৱাসত ৰেপিড এণ্টিজেন টেষ্ট কৰাত ক'ভিডৰ অৱস্থিতি ধৰা পৰে আৰক্ষী অধীক্ষক গৰাকীৰ দেহত । সম্প্ৰতি হোম আইচ'লছনত আছে আৰক্ষী অধীক্ষক গৰাকী ।

লগতে পঢ়ক : সুদীৰ্ঘ পাঁচ দশকৰ পাচত মিলন হ’ল মাতৃ-পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.