ETV Bharat / state

দলীয় অন্তঃকন্দলে চামগুৰিত বিপদত পেলাব পাৰে বিজেপিক - অন্তঃকন্দল

চামগুৰিৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত বিজেপিৰ ৰাজহুৱা মত বিনিময় সভা ৷ সভাত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক পৃথকে-পৃথকে সাক্ষাৎ তথা সম্ভাষণ জনালে বিজেপিৰ দুটাকৈ পক্ষই । চামগুৰি সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশী কলিয়াবৰ জিলা বিজেপিৰ সভাপতি তথা ৰূপহীহাট সমষ্টিৰ নাগৰিক অনিল শইকীয়াক দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিৰোধিতা এটা ফৈদৰ ৷

bjp
bjp
author img

By

Published : Jan 20, 2021, 8:09 PM IST

Updated : Jan 20, 2021, 8:18 PM IST

চামগুৰি, 20 জানুৱাৰী : চামগুৰিত বিজেপি নেতাৰ মাজত অন্তঃকন্দল ৷ এসময়ত কংগ্ৰেছত দেখা দিয়া প্ৰাৰ্থীত্ব কেন্দ্ৰিক অন্তঃকন্দল সম্প্ৰতি বহু ঠাইত বিজেপিৰ দলীয় নেতা কৰ্মীৰ মাজতো গা কৰি উঠা দেখা গৈছে । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গড় স্বৰূপে জ্ঞাত চামগুৰি সমষ্টিতো প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি বিজেপি দলৰ একাংশ নেতা-কৰ্মীৰ মাজত সৃষ্টি হোৱা দেখা পোৱা গৈছে দলীয় অন্তঃকন্দল । এই কথা যেন জলজল পতপতকৈ পোহৰলৈ আহিল বুধবাৰে চামগুৰিৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত বিজেপিয়ে অনুষ্ঠিত কৰা এখন ৰাজহুৱা মত বিনিময় সভাত ।

সভাখনত উপস্থিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক পৃথকে-পৃথকে সাক্ষাৎ তথা সম্ভাষণ জনালে বিজেপিৰ দুটাকৈ পক্ষই । প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বাবে সভা থলীৰ বাহিৰত শতাধিক নেতা-কৰ্মী সহ অপেক্ষাৰত পক্ষটোৰ দাবী আগন্তুক নিৰ্বাচনত সমষ্টিৰ অন্তৰ্গত কোনো যোগ্য বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশীক হে দলে টিকত প্ৰদান কৰিব লাগে ৷ চামগুৰি সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশী কলিয়াবৰ জিলা বিজেপিৰ সভাপতি তথা ৰূপহীহাট সমষ্টিৰ নাগৰিক অনিল শইকীয়াক দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাতো এক প্ৰকাৰে চূড়ান্তভাৱে বিৰোধিতা কৰিলে পক্ষটোৱে ।

দলীয় অন্তঃকন্দলে চামগুৰিত বিপদত পেলাব পাৰে বিজেপিক

যিটো সময়ত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ সৈতে সভা খনত উপস্থিত আছিল খোদ কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াও । বুধবাৰে চামগুৰিৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত সৃষ্টি এই পৰিবেশে যে প্ৰকৃতাৰ্থতে ৰকিবুল হুছেইনৰ বিপৰীতে আগন্তুক বিধানসভাৰ নিৰ্বাচনত চামগুৰিত বিজেপি দলক শ’লঠেকত পেলাব তাক কিন্তু নুই কৰিব নোৱাৰি । ইফালে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে বঢ়মপুৰ সমষ্টিৰ পৰা বিজেপি দলৰ হৈ নিজকে প্ৰাৰ্থীত্ব প্ৰত্যাশী বুলি সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰে । অৱশ্যে দলে বিচাৰিলে তেখেতে যিকোনো সমষ্টিৰ পৰাই প্ৰতিদন্দ্বিতা আগবঢ়াব বুলি নগাঁও সদৰ সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰদানৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰ কৌশলেৰে প্ৰদান কৰা দেখা যায় । উল্লেখযোগ্য যে, শেহতীয়াকৈ কংগ্ৰেছ-এ.আই.ইউ.ডি.এফ.ৰ মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণাই বহু পৰিমাণে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিক লাভান্বিত কৰিব বুলি দাবী কৰে প্ৰাক্তন সাংসদ তথা মন্ত্ৰী ৰাজেন গোহাঁইয়ে।

লগতে পঢ়ক : সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছ,এআইইউডিএফেই জয়ী হ’ব : পীযুষ হাজৰিকা

Last Updated : Jan 20, 2021, 8:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.