ETV Bharat / state

নৱম অসম আৰক্ষী বাহিনীৰ বাছত উদ্ধাৰ আঘাতপ্ৰাপ্ত পহু

নৱম অসম আৰক্ষী বেটেলিয়ানৰ বাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা পহু উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বাছখনৰ চালক গৰাকীয়ে অন্য উদ্দেশ্যেৰে পহুটোক বাছখনত লৈ অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷

author img

By

Published : Aug 31, 2021, 10:52 PM IST

injured deer recovered in 9th Assam Battalion bus
নৱম অসম বেটেলিয়ানৰ বাছত আঘাটপ্ৰাপ্ত এটা পহু উদ্ধাৰ

কলিয়াবৰ, 31 আগষ্ট : নৱম অসম বেটেলিয়ানৰ বাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা পহু উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বাগৰি আৰক্ষী চকী অন্তৰ্গত হাৰমতীৰ পৰা আঘাতপ্ৰাপ্ত পহুটোক AS-৩০-৩৮২২ নম্বৰৰ বাছখনত উঠাই আনিছিল চালকজনে ।

উল্লেখ্য যে, বাছখনৰ চালক গৰাকীয়ে অন্য উদ্দেশ্যেৰে পহুটোক বাছখনত লৈ অহাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷ ইতিমধ্যে কাঞ্চনজুৰিত বাছখনৰ সৈতে হেমন্ত সন্দিকৈৰ নামৰ চালক জনক আটক কৰিছে বন বিভাগে ৷

লগতে পঢ়ক: দিয়ুংমুখ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIA ক অৰ্পন কৰাৰ দাবী কংগ্ৰেছৰ

দেৰগাঁৱৰ পৰা বঢ়মপুৰৰ নৱম অসম বেটেলিয়ানৰ কেম্পলৈ আহি থকা সময়তে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পথত আঘাতপ্ৰাপ্ত পহুটোক প্ৰত্যক্ষ কৰিছিল চালক গৰাকীয়ে ৷ ইয়াৰ পাচতে পহুটোক বাছত উঠাই লৈ অনাৰ কথা স্বীকাৰ কৰিছে চালকজনে ।

চালকজনে জনোৱা মতে, আঘাতপ্ৰাপ্ত পহুটো পথৰ দাঁতিৰ পৰা সহযোগীৰে সৈতে বাছখনত উঠাই বন বিভাগক গতাই দিয়াৰ উদ্দেশ্যে লৈ আনিছিল ৷ ইফালে, বাছখনৰ চালক গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে বন বিভাগৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: গো-সুৰক্ষা আইনৰ বিৰোধিতা CPI(M)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.